ধোৱাৰ পাছত চুলি ৰুক্ষ হৈ গৈছে নেকি? Does your hair turn frizzy after washing?

0
653

চুলি ছেম্পু কৰি উঠাৰ পাছত আপোনাৰ চুলিখিনি ৰুক্ষ হৈ যোৱা, ফুলি অহা বা যাক সাধাৰণ ভাষাত জঁপৰা হোৱা বুলি কয়, তেনেধৰণৰ সমস্যাত পৰিছে নেকি? শীতৰ সময়ত এনেধৰণৰ সমস্যা অধিক হোৱা দেখা যায়, কিয়নো শীতৰ সময়ত আমাৰ ছাল, চুলি ৰুক্ষ হৈ থাকে৷ তেনে সময়ত ঠাণ্ডাৰ বাবে গৰম পানীৰে চুলি ধোৱাৰ পাছত ‘ফ্ৰিজি হেয়াৰ’ৰ সমস্যা হোৱাটো স্বাভাৱিক৷ এনে কৰিলে চুলিৰ প্ৰাকৃতিক মসৃণতা নাইকিয়া হৈ যায়৷ সাধাৰণতে ৰুক্ষ ছালৰ গৰাকী, কেঁকোৰা চুলিৰ গৰাকীৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ হোৱা দেখা যায়৷ সেয়েহে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ লওক এইকেইটা টিপছ৷

What Causes Frizzy Hair? 35 Reasons Why Your Hair Gets Frizzy


(১) প্ৰথমেই হৈছে চুলি ধোৱাত গৰম পানীৰ ব্যৱহাৰ নকৰিব৷ গৰম পানীৰে চুলি ধুলে চুলি ৰুক্ষ হোৱাৰ লগতে নষ্ট হৈ যায়৷

(২) চুলি ধুই উঠি ফণিৰ পৰিৱৰ্তে আঙুলিৰে চুলি ফণিয়াওক৷ ভিজা চুলিত ব্ৰাছ বা ফণিৰে মূৰ আঁচুৰিলে ফ্ৰিজি হেয়াৰৰ সমস্যা হ’ব পাৰে৷

Use wide-tooth combs, 6 Ways to Easily Detangle Your Hair With Less Damage - (Page 3)


(৩) ৰুক্ষ চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ ভাল কোৱালিটিৰ ছিৰাম ব্যৱহাৰ কৰিব পাৰে৷


(৪) নাৰিকল তেলৰ ব্যৱহাৰেও আপোনাৰ চুলিৰ ৰুক্ষতা নাইকিয়া কৰিব পাৰে৷

Coconut Oil for Hair: 6 Best Uses, Plus Recipes - Dr. Axe


(৫) শীতৰ দিনকেইটাত সঘনাই চুলি ছেম্পু কৰাৰ পৰা বিৰত থাকক৷


(৬) সপ্তাহত এবাৰ হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে আপোনাক লাগিব দৈ আৰু মৌ৷ দৈ আৰু মৌ একেলগে মিশ্ৰণ কৰি আধা ঘণ্টামান ৰাখি ধুই দিয়ক৷ এনেদৰে কৰিলেও চুলিৰ ৰুক্ষতা নাইকিয়া হয়৷

DIY Hair Masks: 7 Hydrating Treatments You Can Make At Home

LEAVE A REPLY

Please enter your comment!
Please enter your name here