শিক্ষকৰ কাৰণে কোনবিধ মাস্ক জৰুৰী?

0
1244


যদিও আগতে মাস্কৰ বহুল ব্যৱহাৰ নাছিল, ২০২০ চনৰ কৰ’না মহামাৰীৰ এই জটিল ক্ষণত মাস্ক আমাৰ জীৱনৰ কাৰণে অপৰিহাৰ্য হৈ পৰিছে৷ লকডাউনৰ অন্তত বৰ্তমান ৰাজ্যৰ সকলো স্কুল-কলেজসমূহ খোলা হৈছে যদিও এই জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কভিড নীতি-নিয়ম মানিহে শিক্ষা প্ৰদান কৰিবলৈ আহবান জনোৱা হৈছে৷ এই নিয়মসমূহৰ ভিতৰত এটা প্ৰধান হৈছে সকলোৱে মাস্ক পৰিধান কৰিহে শিক্ষানুষ্ঠানলৈ যাব পাৰিব৷ দেখা যায় যে শিক্ষকে মাস্ক পৰিধান কৰি শিক্ষাদান কৰাৰ ফলত শিক্ষাৰ্থীয়ে শিক্ষকৰ লগত ভালকৈ সহযোগ কৰাত অসুবিধা হয়৷ মাস্ক পৰিধান কৰাৰ বাবে শিক্ষকে কি কৈছে, শিক্ষাৰ্থীয়ে ভালদৰে শুনা নোপোৱাৰ লগতে বুজি পোৱাত কঠিন হয়৷ অধ্যয়ন কৰি পোৱা গৈছে যে সাধাৰণ মানুহে ব্যৱহাৰ কৰা ফেব্ৰিক আৰু কাপোৰৰ মাস্কে কথাখিনি মাস্কৰ বাহিৰলৈ যোৱাত বাধা প্ৰদান কৰে, যাৰ বাবে শিক্ষাৰ্থীয়ে শিক্ষকৰ কথা শুনাত অসুবিধা হয়৷ ফেব্ৰিকে শব্দধবনিৰ ওপৰত প্ৰভাৱ পেলায়৷ ছিদ্ৰযুক্ত গাঁথনি হোৱা বাবে ফেব্ৰিকক শব্দ ধৰি ৰখা কাৰ্যত ব্যৱহাৰ কৰা হয়৷ সেইবাবে যেতিয়া গৱেষকে সৰ্বসাধাৰণ মানুহে ব্যৱহাৰ কৰা তিনিটা স্তৰযুক্ত ফেব্ৰিক মাস্ক, ছাৰ্জিকেল মাস্ক আৰু N৯৫ মাস্কৰ তুলনা কৰিলে, তেতিয়া শিক্ষকৰ বাবে আটাইতকৈ ব্যৱহাৰৰ বাবে উপযুক্ত ছাৰ্জিকেল মাস্কখনকে নিৰ্বাচিত কৰে৷ যিয়ে মাস্কখনৰ বাহিৰত কথা ওলাই যোৱাত বাধা প্ৰদান নকৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here