মধুৰিআমৰ পাতৰ গুণ জানি আপুনি আচৰিত হ’ব?

0
1896

মধুৰিআম আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ চজিনা পাতৰ দৰে মধুৰিআমৰ পাতৰো আছে অলেখ ঔষধি গুণ৷ ইয়াৰ ইমান কি ঔষধি গুণ আছে, জানো আহক–

(১) মধুৰিআমৰ কোমল পাতৰ ৰস খালে ডায়েবেটিছ ৰোগৰ পৰা উপশম পাব পাৰি৷
(২) পেটৰ আলচাৰ, গ্ৰহণী, ডায়েৰিয়া, পেটৰ বিষ আদিত কুমলীয়া মধুৰিআমৰ পাত খালে উপকাৰ পোৱা যায়৷
(৩) কেঞ্চাৰ ৰোগীক মধুৰিআমৰ পাতৰ ৰস খুৱালে কেঞ্চাৰৰ কোষ গঠন প্ৰক্ৰিয়াত বাধা দিয়ে৷
(৪) এলাৰ্জিজনিত ৰোগত মধুৰিআমৰ ৰস খালে উপশম পোৱা যায়৷
(৫) মুখৰ দুৰ্গন্ধ, দাঁতৰ বিষ আদিত মধুৰিআমৰ পাতৰ ৰস লগালে সুফল পোৱা যায়৷
(৬) মধুৰিআমৰ পাতৰ ৰস নিয়মিতভাৱে খালে স্মৃতিশক্তি বাঢ়ে৷
(৭) মধুৰিআমাৰ পাতৰ ৰস নিয়মিতভাৱে খালে কলেষ্টৰেলৰ মাত্ৰা কমি থাকে৷ মগজু শীতল কৰি ৰাখে ইয়াৰ পাতৰ ৰসে৷
(৮) চুলি সৰা বন্ধ কৰিবলৈ মধুৰিআমৰ ৰস খাব লাগে৷
(৯) হাড়ৰ বিষ, গাঁঠিৰ বিষ আদি নিৰাময়ৰ বাবে মধুৰিআমৰ পাতৰ ৰস খাব লাগে৷
(১০) ছালৰ বিভিন্ন সমস্যাৰ বাবে মধুৰিআমৰ পাতৰ ৰস লগালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here