শকত হোৱাটোও অপৰাধ: ভৰিব লাগে জৰিমনা ঃ ক’ত !

0
728


শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ ফলত আমাৰ নানা শাৰীৰিক সমস্যাই দেখা দিয়ে৷ মেদবহুলতা বা ওজন বৃদ্ধিৰ লগত কেইবাটাও গুৰুতৰ ৰোগৰ সম্পৰ্ক আছে৷ ইয়াৰ ফলত উচ্ছ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, হাই ব্লাডপ্ৰেছাৰ, যকৃতৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে৷ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে মেদবহুলতাৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ অপৰিপাটী জীৱন-যাপন, খাদ্যৰ ৰুচি, চাহাবী জীৱনশৈলী আদিৰ বাবে শতকৰা জনসংখ্যাৰ প্ৰায় সমসংখ্যকেই এই সমস্যাত ভুগিব লগা হয়৷ শেহতীয়াভাৱে খবৰ পোৱা মতে বিশ্বত এনে এখন দেশ আছে, য’ত মেদবহুলতা অপৰাধ হিচাপে গণ্য কৰা হয়৷ অৰ্থাৎ এইখন দেশত শকত হোৱাটো অপৰাধৰ দৰে৷ দেশখনত মানুহৰ কঁকালৰ জোখ নিয়মীয়াকৈ লোৱা হয়৷ কঁকালৰ জোখ নিৰ্ধাৰিত জোখতকৈ অধিক হ’লে চৰকাৰী এজেঞ্চি বা কোম্পানীয়ে জৰিমনা বিহে৷ ইয়াৰ লগতে মেদবহুল লোক বা শকত লোকক কাউন্সিলিঙৰ ব্যৱস্থাও কৰা হয়৷ মেদবহুলতা নিয়ন্ত্ৰণত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা এই দেশখন হ’ল জাপান৷ জাপানত প্ৰতিজন পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কঁকালৰ জোখ কিমান হ’ব লাগে সেইটো নিৰ্ধাৰিত কৰি থোৱা আছে৷ আইনগতভাৱে এজন পুৰুষৰ কঁকালৰ জোখ ৩৩.৫ ইঞ্চি আৰু মহিলাই ক্ষেত্ৰত কঁকালৰ জোখ ৩৫.৪ ইঞ্চি হ’ব লাগে৷ কঁকালৰ জোখ ইয়াতকৈ বেছি বা কম হ’লে বিভিন্ন চাপ দিয়া হয়৷ আনহতে দেশখনৰ লোকসকলে ঘিউ, মাখন, মিঠাই আদি বেছি পচন্দ নকৰে৷ অৱশ্যে জাপানৰ লেকসকল পৃথিৱীৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যৱান তথা শক্তিশালী লোক৷ উল্লেখ্য যে জাপানে দেশখনৰ লোকসকলক স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ২০০৮ চনত এক অভিযান আৰম্ভ কৰিছিল আৰু ইয়াক আইনসিদ্ধও কৰে৷ এই আইনৰ অধীনতে চৰকাৰ তথা কোম্পানীসমূহে ৪০-৭৫ বছৰৰ প্ৰতিজন নাগৰিকৰ কঁকালৰ জোখ নিয়মীয়াকৈ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here