যৌৱন ধৰি ৰাখিবলৈ এই পাঁচবিধ Dry Fruits খাওক

0
61


এটা নিৰ্দিষ্ট বয়সৰ পাছত ছালখনে তাৰ নমনীয়তা হেৰুৱায়৷ কিন্তু কম বয়সতে ছালখনত বাৰ্ধক্যৰ চাপ পৰাটো সঁচাকৈয়ে চিন্তাৰ কাৰণ হ’ব পাৰে৷ আজিকালি পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বয়স ত্ৰিছৰ ওচৰ পায় কি নাপায়েই, বহুতৰে ক্ষেত্ৰত ছাল, মুখ, ওঠ আদিলৈ বাৰ্ধক্য আহে৷ মুখত বলিৰেখা পৰিবলৈ আৰম্ভ কৰে৷ এই সময়খিনিত ঠিকমতে ছালখনৰ যতন কিম্বা পৰিচৰ্যা নকৰিলে এই সমস্যাবোৰ বৃদ্ধি হৈ এটা সময়ত আপোনাক অকালতে বুঢ়ালৈ পৰিণত কৰিব৷ অপৰিপাটি জীৱন যাত্ৰা, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মাদক দ্ৰব্য, ধূমপান সেৱন আদি বিভিন্ন কাৰকে এইধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ আনহাতে এইধৰণৰ সমস্যা পৰা সকাহ পাবলৈ বহুতেই সুফল পোৱাৰ বাবে নামী-দামী প্ৰসাধন সামগ্ৰী মুখত লগায় যদিও বিপৰীত হোৱাহে দেখা যায়৷ এনে কিছুমান ড্ৰাই ফ্ৰুইটছ বা বাদামজাতীয় খাদ্য আছে, যিবোৰে ছালৰ বাৰ্ধক্য ৰোধত মেজিকৰ দৰে কাম কৰে৷ অৰ্থাৎ আপোনাৰ যৌৱন ধৰি ৰখাত এইবোৰ খাদ্য যথেষ্ট সহায় কৰে৷ জানো আহক যৌৱন ধৰি ৰখাত আৰত থকা এই Dry Fruits-বোৰ কি?
ভিটামিন-ইৰ কাৰ্যকৰী উৎস আলমণ্ড৷ ভিটামিন-ই এ আমাৰ ছালখনক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ ছালৰ আদ্ৰৰ্তা ধৰি ৰখাৰ লগতে ছালৰ টিছু মেৰামতি কৰাত সহায় কৰে৷ ইউনিভাৰছিটি অব্‌ কেলিফোৰ্নিয়াৰ এক গৱেষণাত দেখা গৈছে যে প্ৰতিদিনে আলমণ্ড খালে ঋতুবন্ধৰ সময়ত হোৱা মহিলাসকলৰ ছালত বলিৰেখাৰ সমস্যাৰ পৰা মুক্তি দিয়ে৷
আখৰোটত এণ্টি ইনফ্লমেটৰি ওমেগা থ্ৰী ফেটি এচিড পোৱা যায়, যিয়ে ছালৰ উজ্জ্বলতা, মসৃণতা শক্তিশালী কৰে৷ ইয়াৰ উপৰি আখৰোট পলিফেনলৰ ভাল উৎস৷ দৈনিক আখৰোট খালে ছালৰ শোতোৰা নপৰি সতেজতা বৰ্তাই ৰখাত সহায় কৰে৷
পেষ্টাৰ ভৰপূৰ মাত্ৰাত পলিফেনল তথা ফ্লেভোনয়েড পোৱা যায়৷ পেষ্টাত থকা এণ্টিঅক্সিডেণ্টে ব্ৰুন কমোৱাক সহায় কৰে তথা ছালৰ কোষৰ ক্ষয় ৰোধ কৰে৷
কেঁচা কাজুবাদামত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ, এমিন’ এচিড, ফাইটোষ্টেৰল তথা ফাইবাৰ থাকে৷ কাজুবাদামত থকা পুষ্টিকৰ উপাদানে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ, মেটাবলিক ছিনড্ৰম তথা ডায়েবেটিছৰ দৰে সমস্যাৰ পৰা ৰক্ষা কৰে৷ আনহাতে এই বাদামে মানসিক স্বাস্থ্য তথা হাড়ৰ ঘনত্ব উন্নত কৰাত সহায় কৰে৷
ব্ৰাজিল নাটত ওমেগা থ্ৰী ফেটি এচিড তথা ছেলেনিয়াম আদি যথেষ্ট মাত্ৰাত পোৱা যায়৷ যিবোৰ উপাদানে ছালৰ স্থিতিস্থাপকতা উন্নত কৰে, ছালৰ বলিৰেখা প্ৰতিৰোধ কৰাৰ লগতে ব্ৰুনৰ সমস্যা কমাই ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here