মানুহৰ অপৰিষ্কাৰ অংশ কোনটো ? য’ত থাকে হাজাৰ হাজাৰ বেক্টেৰিয়া

0
34


মানৱ দেহ বিভিন্ন অংগ-প্ৰত্যংগৰ সমষ্টিৰে গঠিত আৰু এই অংগবোৰৰ কামবোৰে ভিন্ন ভিন্ন৷ আনহাতে আমাৰ শৰীৰৰ এনে এটা অংশ আছে, য’ত হাজাৰ হাজাৰ বেক্টেৰিয়াই বাস কৰে৷ ইয়াৰ লগতে এই অংশটো শৰীৰৰ আটাইতকৈ অপৰিষ্কাৰ তথা দুৰ্গন্ধময় বুলিও গণ্য কৰা হয়৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই অংশটো বহু পৰিষ্কাৰ কৰাৰ চেষ্টা কৰিলেও পৰিষ্কাৰ কৰিব নোৱাৰি৷ যাৰ ফলত এই অংশটো পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিলেও পৰিষ্কাৰ কৰিব পৰা নাযায়৷ উল্লেখ্য যে আমি খাদ্যাভ্যাসৰ বিভিন্ন জুতি তথা ছাল, চুলিকে ধৰি শৰীৰৰ বিভিন্ন অংগৰ ঠিকেই যত্ন লওঁ যদিও এই বিশেষ অংশটো প্ৰতি মনকাণ নিদিওঁ৷ ইয়াৰ ফলত এই অংশটো অপৰিষ্কাৰ তথা মলিন হৈয়ে থাকে আৰু ইয়াৰ প্ৰভাৱ শৰীৰত পৰিবলৈ ধৰে৷ ২০১২ চনৰ প্লছ ৱানত প্ৰকাশিত এক গৱেষণা মতে মানৱ শৰীৰৰ নাভীত ২৩৬৮ প্ৰকাৰৰ বেক্টেৰিয়া থাকে৷ এই অংশটোৰ পৰাই মানুহৰ দেহৰ পৰা যথেষ্ট পৰিমাণে ঘাম বাহিৰ হয় আৰু ইয়াত ফুটা থকাৰ বাবে পৰিষ্কাৰ কৰাত অসুবিধা হয়৷ যাৰ বাবে এই অংশটো অত্যন্ত বেয়া গোন্ধায় আৰু বেক্টেৰিয়াই বাস কৰিবলৈ সহজ হৈ পৰে৷ সেয়ে বেক্টেৰিয়াৰ বৃদ্ধিৰ অন্যতম কাৰণ হৈ পৰে এই অংশটো৷ মানুহৰ শৰীৰৰ নাভী অংশটো আচলতে একপ্ৰকাৰৰ ঘা৷ জন্মৰ সময়ত সন্তানক মাতৃৰ শৰীৰৰ পৰা বিচ্ছিন্ন কৰা হয় এই নাভী কাটি৷ নাভীৰ কুণ্ডলীৰ বেছিভাগ অংশত শৰীৰৰ ভিতৰত থাকে৷ সেয়ে কেতিয়াবা নাভীৰ খজুৱতি হ’লে ৰঙা পৰিলে বা বিষ অনুভৱ বা দুৰ্গন্ধ ওলালে সাৱধান হোৱা উচিত৷ যিকোনো সংক্ৰমণ বৃদ্ধি হোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here