যুৱৰাজ সিঙৰ মহানুভৱতা : AMCH-লৈ কভিড আক্ৰান্ত শিশুৰ বাবে ১০০খন ICU বিছনা

0
605

ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে ক্ৰিকেট খেলৰ জৰিয়তে যেনেকৈ লাখ লাখ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে, ঠিক একেদৰে তেওঁ কৰা কৰ্মৰ যোগেদি মহানতাৰ পৰিচয় দিবলৈ সক্ষম হয়৷ এইবাৰ ভাৰতীয় ক্ৰিকেটাৰজনে অসমৰ কভিড আক্ৰান্ত শিশুৰ বাবে মহানুভৱতা প্ৰদৰ্শন দাঙি ধৰে৷ যুৱৰাজ সিঙে অসম চিকিৎসা মহাবিদ্যালয়লৈ কভিড আক্ৰান্ত শিশুৰ বাবে ১০০খন অত্যাধুনিক আই চি ইউ বিছনা প্ৰদান কৰে৷ ‘যুৱৰাজ সিং ফাউণ্ডেশ্যন’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে এই ১০০খন আই চি ইউ বিছনা প্ৰদান কৰে AMCHলৈ৷

Yuvraj Singh launches #Mission1000Beds to help Covid-19 patients across India

এই সন্দৰ্ভত এ এম চি এইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে কয় যে “যুৱৰাজ সিং ফাউণ্ডেশ্যন” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে দেশৰ বিভিন্ন চিকিৎসালয়লৈ কভিড আক্ৰান্ত শিশুৰ বাবে এহেজাৰখন অত্যাধুনিক আই চি ইউ বিছনা প্ৰদান কৰে৷ তাৰ ভিতৰত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ১০০খন এনে সকলো সা-সুবিধা থকা আই চি ইউ বিছনা প্ৰদান কৰে৷ এই বিষয়ে সবিশেষ জনাই ফাউণ্ডেশ্যনে AMCHলৈ ই-মেইল প্ৰেৰণ কৰে৷ ফাউণ্ডেশ্যনে জানিবলৈ দিয়ে যে প্ৰথম অৱস্থাত শিশুৰ বাবে ৫০খন এনে বিছনা প্ৰদান কৰিছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আন ৫০খন বিছনা প্ৰদান কৰা হ’ব৷ উক্ত বিছনাসমূহৰ বাবে নিৰ্দিষ্ট আন্তঃগাঁথনিৰ লগতে থাকিবলগীয়া সুবিধা উপলব্ধ হ’ব লাগিব৷ কভিডত আক্ৰান্ত শিশুসকলৰ বাবে এই ১০০খন অত্যাধুনিক ICU বিছনাত সংলগ্ন থাকিব অক্সিজেনৰ লগতে বহু অত্যাধুনিক সা-সুবিধা৷ দেশত আহিবলগীয়া কৰ’নাৰ তৃতীয় ঢৌৰ সময়ত এনেধৰণৰ মহান কামে কভিড আক্ৰান্ত শিশুসকলক নিশ্চয় চিকিৎসা প্ৰদানত সকাহ দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here