আগন্তুক ১০০-১২৫ দিন জটিল: নিটি আয়োগ

0
1563
নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে কয় যে কৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ বাবে অহা ১০০-১২৫ দিন জটিল৷ তেওঁ কয় যে বিশ্ব সংক্ৰমণৰ তৃতীয়তো ঢৌৰ দিশত আগবঢ়া বুলি ঘোষণা কৰিছে৷ ডাঃ পালে লগতে কয় যে ভাৰতৰ জনসংখ্যা সংক্ৰমণৰ ক্ষেত্ৰত স্পৰ্শকাতৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতত এতিয়াও হাৰ্ড ইমিউনিটি হোৱা নাই৷ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও শোচনীয় হৈ পৰাৰো আশংকা আছে৷ আনহাতে মহাৰাষ্ট্ৰ আৰু কেৰালাৰ দৰে ৰাজ্যত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে একেধৰণৰ প্ৰৱণতা কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ আগে আগে ফেব্ৰুৱাৰী-মাৰ্চত দেখা পোৱা গৈছিল৷ কৰ’নাৰ সংক্ৰমণৰ পৰিস্থিতিক লৈ ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কৰা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিস্থিতি উন্নত নহ’লে সংকটৰ সৃষ্টি হ’ব পাৰে৷ তেওঁ দেশত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ আশংকাক প্ৰতিহত কৰিবলৈ ৰাজ্যসমূহক সক্ৰিয়ভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে বিশেষজ্ঞসকলৰ উদ্ধৃতি দি কয় যে দীৰ্ঘদিন একেৰাহে সংক্ৰমণ বৃদ্ধি পাই থাকিলে কৰ’না ভাইৰাছৰ মিউটেশ্যন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ ইয়াৰ লগতে ভাইৰাছৰ ৰূপ সলনি হোৱাৰ আশংকাও বৃদ্ধি পায় বুলি তেওঁ লগতে কয়৷ সেয়েহে তৃতীয়টো ঢৌ প্ৰতিৰোধ কৰিবলৈ কৰ’নাৰ বিৰুদ্ধে প্ৰভাৱশালী তথা কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here