মায়া সভ্যতাৰ ৩০০০ বছৰ পুৰণি ৪১৭খন মহানগৰ আৱিষ্কাৰ ” ক’ত ?

0
240


উত্তৰ গুৱাটেমালা আৰু দক্ষিণ মেক্সিকোৰ ঘন অৰণ্যত হাজাৰ হাজাৰ বছৰ লুকাই থকা মায়া সভ্যতাৰ শ শ মহানগৰকে ধৰি প্ৰায় ১০০০ প্ৰাচীন বসতিস্থল আৱিষ্কাৰ কৰা হৈছে৷ উচ্ছ প্ৰযুক্তিবিদ্যাৰ সহায়ত চলোৱা এটা নতুন অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহিছে৷ ঘন অৰণ্যত মায়া সভ্যতাৰ ৪১৭খন মহানগৰকে ধৰি প্ৰায় ১০০০ বসতিস্থল অনাৱিষ্কৃত হৈ আছিল৷ পূৰ্বতে এই বসতিস্থলবোৰৰ বিষয়ে জনা নগৈছিল৷ এই বসতিস্থলবোৰৰ অধ্যয়নৰ পৰা অনুমান কৰা হৈছে যে সেইবোৰত সম্ভৱ পৃথিৱীৰ প্ৰথম ঘাইপথ নেটৱৰ্ক আছিল৷ এইবোৰ ৩০০০ বছৰ পুৰণি৷ গুৱাটেমালাৰ নৃতাত্ত্বিক গৱেষণা ন্যাস এফ এ আৰ ই এছে এটা বিবৃতিত এই কথা কয়৷ অধ্যয়নটোৰ ফল যোৱা মাহত ‘এনচিয়েণ্ট মেছোআমেৰিকা’ নামৰ আলোচনীখনৰ শেহতীয়া সংখ্যাত প্ৰথমবাৰৰ বাবে প্ৰকাশ হয়৷ উল্লিখিত বসতিস্থল আৰু মহানগৰবোৰত প্ৰায় ১৭৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ বহল পথ আৱিষ্কাৰ কৰা হৈছে৷ কিছুমান পথ প্ৰায় ৪০ মিটাৰ বহল আৰু মাটিৰ পৰা ১৬ ফুট পৰ্যন্ত ওখ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here