আজিও কিয় বিস্ময়কৰ হৈয়েআছে ৰহস্যঘন ছোকোট্ৰা !

0
200

এই বিশ্বব্ৰহ্মাণ্ডত বহু বিচিত্ৰকৰ তথা বিস্ময়কৰ বস্তু আছে৷ যাৰ কোনো ৰহস্য ভেদ কৰিবলৈ আজিও সক্ষম হোৱা নাই৷ এই ধৰণৰ আচৰিত বস্তুসমূহে মানুহক সদায় উদ্বুদ্ধ কৰি আহিছে৷ পৃথিৰীৰ এই ৰহস্য ভেদ কৰাটো মানুহৰ ক্ষেত্ৰত এতিয়াও সম্ভৱ হোৱা নাই৷ এইসমূহৰ ভিতৰত এটা হ’ল ছোকোট্ৰা৷ ভাৰত মহাসাগৰৰ বক্ষত অৱস্থিত দ্বীপ ছোকোট্ৰা আজিও বিস্ময় হিচাপে চিহ্নিত হৈ আছে৷ ইয়াত বসবাস কৰা মানুহৰ পৰা গছ-গছনি, পশু-পক্ষী তথা জীৱকুললৈকে সকলো বিৰল প্ৰকৃতিৰ৷ পৃথিৱীৰ অইন প্ৰান্তৰ সৈতে ইয়াৰ একোৰে মিল নাই৷ প্ৰধানতঃ সৰু সৰু দ্বীপৰ সমষ্টি হৈছে ছোকোট্ৰা৷ য়েমেনৰ অন্তৰ্ভুক্ত এই দ্বীপটোৰ জনসংখ্যা প্ৰায় ৫০ হাজাৰ৷ এই দ্বীপটোৰ বাসিন্দাসকল মূলতঃ আদিবাসী সম্প্ৰদায়ৰ৷ ইয়াত মুঠ ১৯০ টা প্ৰজাতিৰ পক্ষী পোৱা যায়৷ এই পক্ষীসমূহৰ বিশ্বৰ আন ঠাইৰ লগত কোনো সাদৃশ্য নাই৷ একেদৰে পৃথিৱীৰ অন্য অঞ্চলৰ লগত ইয়াৰ মাছ, কোঁকোৰা, আন সৰীসৃপ আদিৰো কোনো মিল নাই৷ ইয়াৰ বাবেই আজিও ছোকোট্ৰা বিস্ময়কৰ হৈয়ে ৰৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here