মাধমাৰ ! দেশত অনাগত দিনত অভাৱনীয়ভাৱে বৃদ্ধি পাব চাউলৰ দাম

0
260

ধানৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত অনাগত দিনত  চাউলৰ দাম বৃদ্ধি পাব৷ অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত  জলবায়ু পৰিৱৰ্তনৰ বাবে চলিত বৰ্ষত ধানৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ আনহাতে মধ্য প্ৰদেশ, বিহাৰ আদি ৰাজ্যত দাইলৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত দাইলৰ দামো বৃদ্ধি পাব৷ শেহতীয়াকৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ে চলোৱা এক সমীক্ষা অনুসৰি জলবায়ুৰ পৰিৱৰ্তনৰ ফলত দেশৰ কৃষিখণ্ডৰ বিস্তৰ ক্ষতি সাধন হৈছে৷ যাৰ ফলত খাদ্য সামগ্ৰীৰ উৎপাদন অনাগত দিনত হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে৷ অৰ্থাৎ উৎপাদন আৰু যোগান কমিব, যাৰ ফলত খাদ্য সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিব৷ 
ধানৰ উৎপাদন পূৰ্বৰ বছৰৰ তুলনাত ৫.৬ শতাংশ কম হৈছে৷ প্ৰণিধানযোগ্য যে অসমতো এইবাৰ ধানৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে৷ কিয়নো ৰাজ্যখনৰ পাঁচখন জিলা ক্ৰমে নগাঁও, নলবাৰী, কাছাৰ, গোলাঘাট আৰু কামৰূপত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা খোদ ৰাজ্য চৰকাৰখনেই প্ৰকাশ কৰিছে৷ আনহাতে খেতি কৰাৰ পাছতো বৰষুণৰ অভাৱত বহু অঞ্চলত পথাৰসমূহত ছিৰাল ফাট মেলিছে৷ যাৰ বাবে এইবাৰ ৰাজ্যখনত পূৰ্বতকৈ ধানৰ উৎপাদন হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিছে৷ ইফালে দেশৰ আন প্ৰান্ততো ধানৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত অনাগত দিনত চাউলৰ দাম বৃদ্ধি পাব৷ বিশ্লেষকসকলৰ মতে, প্ৰায় দহ শতাংশ বৃদ্ধি পাব পাৰে চাউলৰ দাম৷ ইয়াৰ লগে লগে ৰাইজে চৰা দামত চাউল কিনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here