মঙলত প্ৰাণীৰ সন্ধানৰ ক্ষেত্ৰত পাৰছিভাৰেন্স ৰ’ভাৰে কি পালে ?

0
304

মঙল গ্ৰহৰ সন্দৰ্ভত নানা তথ্য সদৰী হৈ আছে৷ অতীত যে মঙলত হ্ৰদ বা আগ্নেয়গিৰি সন্ধান পাইছিল, বিজ্ঞানীয়ে সেই কথা আগতেই জানিছে৷ এই আগ্নেয়গিৰি উদ্‌গিৰণৰ ফলত মঙলৰ পৃষ্ঠত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছিল৷ শেহতীয়াকৈ নাছাৰ পৰছিভাৰেন্স ৰ’ভাৰে মঙল গ্ৰহত প্ৰাণীৰ সন্ধান লাভ কৰা বুলি বিজ্ঞানীয়ে দাবী কৰিছে৷ মঙলত গৰ্ভত ৰ’ভাৰে কিছু জৈৱ উপাদানৰ খোজ সংগ্ৰহ কৰিছে আৰn ¸সেয়েহে জ্যোতিবিজ্ঞানীয়ে ইয়াৰ ৰহস্য উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে যে কি প্ৰকৃতিৰ প্ৰাণী মঙল গ্ৰহত আছিল৷ নাছাৰ এই এছ ইউ ভি ৰ’ভাৰে পৃথিৱীলৈ যি নমুৱা পঠাইছে, তাত কিছু উপাদানৰ সন্ধান পোৱা গৈছে৷ যাৰ জৰিয়তে জীৱৰ ৰহস্যৰ গোন্ধ পোৱা বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ পাৰছিভাৰেন্স প্ৰজেক্টৰ বিজ্ঞানী কেন ফাৰ্লে কৈছে যে গ্ৰহটোৰ গৰ্ভত তাৰ বিভিন্ন পাললিক শিলৰ সৈতে আৱিষ্কৃত মেগমাৰ স্ফটিককৰণৰ দ্বাৰা গঠিত আগ্নেয় শিলৰ সৈতে সুন্দৰভাৱে বৈপৰীত্য লক্ষ্য কৰা গৈছে৷ 
এই সংমিশ্ৰণটো ভূতাত্ত্বিক ইতিহাসত এটা সমৃদ্ধ উপলব্ধি প্ৰদান কৰিছে৷ জানিব পৰা মতে জৈৱ অণুত বিভিন্ন ধৰণৰ যৌগ থাকে, যি মূলতঃ কাৰ্বনৰ জৰিয়তে প্ৰস্তুত হয় অথবা হাইড্ৰজেন তথা অক্সিজেন পৰমাণুক অন্তৰ্ভুক্ত কৰে৷ এই অণুবোৰ নাইট্ৰজেন, ছালফাৰ, ফচফৰাছৰ উপস্থিতিও লক্ষ্য কৰা গৈছে৷ এইবোৰ এটা পদাৰ্থ বা তাৰ গঠন, যি মঙল গ্ৰহত অতীতত জীৱৰ উপস্থিতি প্ৰমাণ হিচাপে ধৰা দিব পাৰে৷  মঙল যি উপাদান পোৱা গৈছে, সেইটো হ’ল একশ্ৰেণী জৈৱ অণু, যি স্থানিকভাৱে ছালফেট খনিজৰ সৈতে সম্পৰ্কযুক্ত৷ নাছাই দাবী কৰিছে যে পাললিক শিলৰ স্তৰত পোৱা ছালফেট খনিজ পদাৰ্থবোৰে জলীয় পৰিৱেশ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য দিব পাৰে৷ সেয়েহে এই দশকৰ শেষভাগত পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত এই শিলাখণ্ডবোৰ বিশে¡ষণ কৰিবলৈ বিজ্ঞানীসকলে উদগ্ৰীৱ হৈ আছে৷ কাৰণ এই নমুনাবোৰ পুনৰুদ্ধাৰ কৰাৰ বাবে ৰঙা গ্ৰহটোত অধিক তথ্যৰ অনুসন্ধানৰ বাবে বিজ্ঞানীয়ে ঠাৱৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here