মাতৃগৰ্ভত মাইক্ৰ’প্লাষ্টিক ! বিপদৰ গ্ৰাসত সদ্যোজাত

0
80


বৰ্তমান সময়ত মাইক্ৰ’প্লাষ্টিকে মানৱ জীৱনলৈ ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে৷ এই মাইক্ৰ’প্লাষ্টিকৰ কাৰণে মানুহৰ দেহত নানা মাৰাত্মক ৰোগৰ সৃষ্টি হ’বলৈ ধৰিছে৷ আনহাতে শেহতীয়াকৈ প্ৰকাশিত এটা খবৰে সকলোকে ভবাই তুলিছে৷ মাতৃগৰ্ভৰ ফুল বা প্লাচেণ্টাপৰ্যন্ত পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি৷ এতিয়া প্ৰশ্ন উঠিছে যে ভ্ৰূণক নিৰাপত্তা দিয়া প্লাচেণ্টা, তাতেই যদি মাইক্ৰ’প্লাষ্টিক পোৱা হয়, তেন্তে সদ্যোজাতৰ নিৰাপত্তা ক’ত? ইনষ্টিটিউট অব নিউ মেক্সিকো ছায়েন্সৰ সাম্প্ৰতিক এটা গৱেষণাত পোৱা হৈছে এই তথ্য৷ ইয়াৰ বাবে গৱেষকে ৬২টা প্লাচেণ্টাক লৈ পৰীক্ষা কৰিছিল৷ পৰীক্ষাৰ অন্তত প্ৰতিটোতেই মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছিল৷ জানিব পৰা মতে ইনফ্লেমেটৰী বাওয়াৰ চিনড্ৰম আৰু কোলন কেঞ্চাৰৰ সৈতে এই মাইক্ৰ’প্লাষ্টিক যুক্ত৷ সেয়ে এতিয়া গোটেই পৃথিৱীজুৰি চৰ্চা আৰম্ভ হৈছে৷ আনহাতে এনে পৰিস্থিতিত মাতৃগৰ্ভত মাইক্ৰ’প্লাষ্টিকৰ সন্ধান লাভ কৰা গৱেষণাৰ মুখ্য গৱেষক বিজ্ঞানী মেথিউ কেম্পেনো উদ্বিগ্ন হৈ পৰিছে৷ মাতৃগৰ্ভৰ প্লাচেণ্টাই সুৰক্ষা দিয়ে ভ্ৰূণক৷ প্লাচেণ্টাই আনহাতে এম্বিলিকেল কাৰ্ডৰ মাধ্যমেৰে ভ্ৰূণৰ সৈতে সংযোগ ৰক্ষা কৰে৷ হৰমন প্ৰস্তুত কৰাৰ লগতে পুষ্টিৰ যোগান ধৰে এই প্লাচেণ্টাই৷ ইয়াৰ লগতে ভ্ৰূণত প্ৰস্তুত হোৱা দূষিত পদাৰ্থ বাহিৰ কৰাটো সহায় কৰে৷ গৱেষণক তথ্য মতে সেই প্লাচেণ্টা বা গৰ্ভৰ ফুলৰ কোষত পোৱা গৈছে ৬.৫ৰ পৰা ৭৯০ মাইক্ৰ’গ্ৰাম মাইক্ৰ’প্লাষ্টিক৷ বিজ্ঞানীসকলে সদৰী কৰা মতে গৰ্ভৰ ফুলত পোৱা মাইক্ৰ’প্লাষ্টিকৰ সকলোতকৈ বেছি পৰিমাণে পোৱা গৈছে পলিএথেলিন৷ প্ৰায় ৫৪ শতাংশ৷ জনা মতে এইবিধ উপাদানৰ জৰিয়তে প্লাষ্টিকৰ বেগ, বটল আদি তৈয়াৰ কৰা হয়৷ আনহাতে পলিভিনাইল ক্লোৰাইড আৰু নাইলন পোৱা হৈছে ১০ শতাংশকৈ৷ এই তথ্য অতিকৈ উদ্বেগজনক বুলিও বিজ্ঞানীসকলে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here