এইবোৰ কাৰণত অনিয়মীয়াঋতুস্ৰাৱৰ সমস্যা হ’ব পাৰে?

0
41


মহিলাসকলৰ ক্ষেত্ৰত অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা এটা ভয়াৱহ সমস্যা৷ নিয়মিয়াভাৱে প্ৰতি মাহত পিৰিয়ড নহয়৷ কেতিয়াবা দুমাহ তিনি মাহ মূৰে মূৰে মাহেকীয়া হয়৷ আকৌ কেতিয়াবা এমাহতে দুবাৰলৈকে মাহেকীয়া হয়৷ ১৪ বছৰৰ পৰা ৩৪ বছৰৰ বয়সৰ মহিলাসকলৰ ক্ষেত্ৰত প্ৰায়ভাগৰে এই সমস্যাত ভোগা দেখা যায়৷ প্ৰজননৰ বয়সকালৰ প্ৰায় ৮০ শতাংশ মহিলাই অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাত ভোগা দেখা যায়৷ কিন্তু কি কাৰণে এই সমস্যা হয়, ইয়াৰ কাৰণসমূহ বহুতৰে আজানা হৈ থাকে৷ অনিয়মীয়া পিৰিয়ডৰ সমস্যাত ভুগিলে প্ৰতি মাহৰ ২৮ দিনৰ অন্তৰে অন্তৰে ঋতুস্ৰাৱ নহয় আৰু ঋতুস্ৰাৱ হ’লেও অত্যধিক পৰিমাণে ৰক্তপাত হয়৷ ইয়াৰ লগতে তলপেটৰ অসহ্য বিষ, কঁকালৰ বিষ, ডায়েৰিয়া, ভাৰ্টিগো, বমি বমি ভাব আদিৰ দৰে উপসৰ্গই দেখা দিয়ে৷ বয়ঃসন্ধিৰ সময়ত ডিম্বাশয়ত একধৰণৰ হৰমন প্ৰস্তুত হয়, যিয়ে জৰায়ুৰ আস্তৰণৰ পৰিৱৰ্তন ঘটায় আৰু ডিম্বাণু উৎপাদনত সহায় কৰে৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে ২৮ দিন সময় লাগে৷ এই ২৮ দিনচক্ৰত কোনো সমস্যা দেখা দিলে তেতিয়াই সময়মতে ঋতুস্ৰাৱ নহয় তথা অনিয়মীয়া পিৰিয়ডৰ সমস্যাই দেখা দিয়ে৷ অনিয়মীয়া ঋতুস্ৰাৱৰ কাৰণে একাধিক কাৰণ দায়ী হ’ব পাৰে৷ অস্বাস্থ্যকৰ লাইফষ্টাইলৰ পৰা আৰম্ভ কৰি থাইৰয়েডৰ সমস্যাৰ দৰে বহুতো কাৰকৰ বাবে পিৰিয়ডত জটিলতা হ’ব পাৰে৷ ১৫-৪৫ বছৰৰ, প্ৰজননৰ বয়সকালৰ প্ৰায় ১৩ শতাংশ মহিলা পি চি অ’ এছ এৰ সমস্যাত ভোগে৷ এই অৱস্থাত মহিলাসকলৰ দেহত অতিৰিক্ত পৰিমাণে পুৰুষ হৰমন নিৰ্গত হয়৷ পলিচিষ্টিক অভাৰী চিনড্ৰোমত ভুগিলে সময়মতে পিৰিয়ড নহ’ব পাৰে৷ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি গ’লে নাইবা ডায়েবেটিছত ভুগিলে পিৰিয়ডৰ সমস্যাই দেখা দিব পাৰে৷ পি চি অ’ ডি, ডায়েবেটিছৰ কাৰণে শৰীৰৰ ওজন বাঢ়ি যায়৷ ওবেচিটিত ভুগিলে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাই দেখা দিব পাৰে৷ হাইপাৰথাইৰয়েডিজম বা হাইপোথাইৰয়েডিজমত ভুগিলে হৰমনৰ ভাৰসাম্যহীনতাই দেখা দিয়ে৷ ইয়াৰ কাৰণে অনিয়মীয়া পিৰিয়ড হ’ব পাৰে৷ ইয়াৰ উপৰি আপুনি যদি দীৰ্ঘসময় ধৰি সঘনাই গৰ্ভনিৰোধক ঔষধ সেৱন কৰে, তেন্তে ইয়াৰ পাশ্বৰ্ক্ৰিয়া হিচাপে ঋতুস্ৰাৱৰ সমস্যাই দেখা দিব পাৰে৷ এণ্ড্ৰোমেট্ৰিয়োছিছ, জৰায়ু ফাইব্ৰয়েডৰ দৰে সমস্যা থাকিলে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাত ভুগিব পাৰে৷ ইয়াৰ উপৰি অত্যধিক মানসিক চাপ ডিপ্ৰেশ্যন, এনজাইটিত আক্ৰান্ত হয়, তেনেহ’লে অনিয়মীয়া ঋতুস্ৰাৱৰ দৰে সমস্যাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here