মাংকি পক্স সন্দৰ্ভত কেন্দ্ৰৰ নিৰ্দেশনা জাৰি

0
381

দেশত মাংকি পক্সত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জৰুৰী নীতি-নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ ভিতৰত আক্ৰান্ত হোৱা লোকক ২১ দিনৰ বাবে আইছ’লেশ্যনত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে৷ ইয়াৰ উপৰি মাংকি পক্স হোৱা স্থান কাপোৰেৰে ঢাকি ৰাখিব লাগিব৷ আনহাতে মাংকি পক্সৰ পৰীক্ষাৰ বাবে সঁজুলি আৰু ভেক্‌চিন তৈয়াৰ কৰাৰ বাবে নিবিদা জাৰি কৰা হৈছে৷ 
উল্লেখ্য যে ভাৰতত এতিয়ালৈকে মাংকি পক্সত আক্ৰান্ত হোৱা চাৰিজন লোক পোৱা গৈছে৷ ইয়াৰে তিনিজন কেৰালাৰ আৰু এজন দিল্লীৰ৷ ইয়াৰ লগতে চাৰিজন সন্দেহজনক ৰোগীও চিনাক্ত কৰা হৈছে৷ সকলোৰে নমুনা পৰীক্ষাৰ বাবে পুনেত থকা নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ভাইৰ’লজিলৈ প্ৰেৰণ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশ অনুসৰি মাংকি পক্সৰ সংক্ৰমণ হোৱা লোক ২১ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব৷ 
জনসাধাৰণক মুখত তিনিটা লেয়াৰ থকা মাস্ক পৰিধান কৰিবলৈ আৰু ঘনাই হাত ধোৱাৰ পৰামৰ্শ দিয়া হৈছে৷  সম্পূৰ্ণৰূপে আৰোগ্য লাভ নকৰালৈকে ৰোগী চিকিৎসালয়ত থাকিব লাগিব আৰু ঘা কাপোৰেৰে সম্পূৰ্ণৰূপে ঢাকি ৰাখিব লাগিব৷ চিকিৎসালয়ত থকা ৰোগী বা লক্ষণ থকা ৰোগীৰ সংস্পৰ্শলৈ অহা বা তেওঁলোকৰ দূষিত পদাৰ্থ স্পৰ্শ কৰা চিকিৎসা কৰ্মীক লক্ষণ দেখা নোপোৱালৈকে কৰ্তব্য কৰি যোৱাৰ অনুমতি দিবলৈ কোৱা হৈছে৷ এনে স্বাস্থ্য কৰ্মীক ২১ দিনৰ বাবে নিৰীক্ষণত ৰখাৰ পৰামৰ্শ দিয়া হৈছে৷  ইয়াৰ উপৰি মাংকি পক্স হোৱা ৰোগীৰ পৰা আঁতৰত থকাৰ লগতে  তেওঁলোকে ব্যৱহাৰ কৰা বিছনা-পত্ৰ আদিৰ পৰা আঁতৰত থাকিবলৈ কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here