কুহুমীয়া গৰম পানী খোৱাৰ উপকাৰিতা

0
374

১) পানী যেতিয়া ১০০°C লৈ উতলোৱা হয়, তাত থকা বেমাৰ সৃষ্টিকাৰী বেক্টেৰিয়া আদি অনুজীৱসমূহৰ প্ৰায় 90% ধ্বংস হৈ যায়। ইয়াৰ ফলত আমি পানীৰ পৰা হ’ব পৰা ৰোগৰ পৰা আঁতৰি থাকিব পাৰোঁ‌।

২) গৰম পানীয়ে শৰীৰৰ পৰা অলাগতিয়াল বিষাক্ত পদাৰ্থসমূহ নিঃসৰণত সহায় কৰে। কাপোৰ, বাচন-বৰ্তনৰ দাগ লাগিলে আমি সেইবোৰক গৰম পানীত কিছু সময় ডুবাই ৰাখো, তাৰ দাগ আঁ‌তৰাবলৈ।
ঠিক একেদৰেই আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰ বাবে কিছুমান অলাগতিয়াল খাদ্য আমাৰ শৰীৰত ৰৈ যায় আৰু পিচলৈ বিষত পৰিণত হৈ বেমাৰৰ সৃষ্টি কৰে। যেতিয়া আমি গৰম পানী সেৱন কৰোঁ তাত থকা উষ্ণতাৰ বাবে এই পদাৰ্থবোৰ ঢিলা হৈ পৰে আৰু শৌচ, পেচাব, ঘাম আদিৰে শৰীৰৰ পৰা নিঃসৰিত হৈ শাৰীৰটোক সুস্থ কৰি ৰখাত সহায়ক হয়।

৩) অৰ্শ আদিকে ধৰি মলাশয়জনিত কেতবোৰ ৰোগৰ আৰম্ভণিতে দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে কোষ্ঠকাঠিন্য। নিতৌ গৰম পানী খোৱাৰ অভ্যাস কৰিলে ইয়াৰ পৰা বহু ক্ষেত্ৰত সকাহ পোৱা যায়।

৪) সঘনে হৈ থকা চৰ্দি, জ্বৰ, এলাৰ্জী আদিৰ দৰে সমস্যাৰ ভুক্তভোগী ৰোগীৰ বাবে গৰম পানী আটাইতকৈ উত্তম পথ্য। পানী উতলোৱা সময়ত ১ চামুচ ত্ৰিকতু চূৰ্ণ মিহলি কৰি খালে বেছি শীঘ্ৰে সফলতা পোৱা যায়।

৫) অম্লপিত্ত (gastritis), অজীৰ্ণ (indigestion), অভোক (anorexia) আদিৰ দৰে পাচনতন্ত্ৰৰ ৰোগৰ বাবে গৰম পানী মহৌষধি। দৈনিক গৰম পানীৰ ব্যৱহাৰে শৰীৰত হজমৰ বাবে দৰকাৰী উৎসেচকসমূহ নিঃসৰণত কৰি খাদ্যবস্তু হজমত সহায় কৰে লগতে ইয়াৰ পৰা হ’ব পৰা সমস্যাৰ পৰা দূৰত ৰাখে।

6) নিতৌ গৰম পানীৰ ব্যৱহাৰে শৰীৰৰ বাৰ্ধক্যজনিত সমস্যাৰ পৰা আতৰাই ৰাখে। ছালৰ সতেজতা আৰু উজ্জ্বলতা বজাই ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছালৰ লগতে চুলি, হাড়, নখ আদিৰ গঠনতো ইয়াৰ ভূমিকা আছে।

7) বহুসংখ্যক যুৱতীয়েই মাহেকীয়াৰ সময়ত কম-বেছি পৰিমাণে পেটৰ বিষৰ সমস্যাত ভোগা দেখা যায়। এইটো বিশেষকৈ শৰীৰত বাতৰ বৃদ্ধিৰ বাবে হোৱা দেখা যায়। বাতজনিত ৰোগৰ বাবে গৰম পানীৰ সুফল বিশেষভাবে দেখা যায়। সেয়েহে এনেক্ষেত্ৰত মহিলাগৰাকীয়ে গৰম পানী সেৱন কৰাৰ লগতে গৰম পানীৰ সেক ল’লে, তেনে বিষৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পাব পাৰি।
8) মেদবহুলতা (obesity), থাইৰয়ডৰ সমস্যা (hypothyroidism), মধুমেহ, PCOD আদিৰ দৰে বেমাৰৰ ক্ষেত্ৰত দৈনিক গৰম পানীৰ ব্যৱহাৰ নিতান্তই জৰুৰী। এই বেমাৰসমূহৰ সকলোধৰণৰ ঔষধৰ লগত সদায় গৰম পানীহে ব্যৱহাৰ কৰিব লাগে।

এনেবোৰ সৰু সৰু কামৰ দ্বাৰা আমি আজিকালিৰ দৈনন্দিন জীৱনশৈলীৰ বাবে হোৱা metabolic disaease সমূহ কিছুপৰিমণে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ।

লেখিকা : ডাঃ দুলুমণি কলিতা ; আয়ুৰ্বেদিক মেডিচিন বিশেষজ্ঞ

LEAVE A REPLY

Please enter your comment!
Please enter your name here