মাংকি পক্সক লৈ চীনে কি আচৰিত পদক্ষেপ ল’লে

0
156

সমগ্ৰ দেশতে মাংকি পক্সে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এখন দেশৰ পৰা সিখন দেশলৈ  এই ৰোগৰ সংক্ৰমণ অব্যাহত আছে৷ এনে সময়তে মাংকি পক্সৰ সংক্ৰমণ ৰোধ উদ্দেশ্যে চীনে লৈছে এক আচৰিত তথা গৰিহণাযোগ্য পদক্ষেপ, যি সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চীনত প্ৰথম মাংকি পক্সৰ সংক্ৰমণ ধৰা পৰাৰ পাছতেই বিতৰ্কিত সতৰ্কবাণী জাৰি কৰিছে দেশখনৰ ৰোগ প্ৰতিৰোধক সংস্থাই৷ সংস্থাটোৱে  চীনা নাগৰিকক পৰামৰ্শ আগবঢ়াইছে যে মাংকি পক্সৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ বিদেশী নাগৰিকসকলক স্পৰ্শ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে৷ এই পৰামৰ্শক লৈ সমগ্ৰ বিশ্বতে বিতৰ্কৰ সৃষ্টি হৈছে৷ সমালোচকসকলে দাবী কৰা অনুসৰি বিশ্বত অতিমাৰী ক’ভিড বিদেশৰ মাটিত বিয়পোৱাৰ অভিযোগত চীন তথা এছীয় নাগৰিকসকলক যি দৃষ্টিৰে চোৱা হৈছিল, একেই আচৰণ কৰিবলৈ এইবাৰ চীনে এই নিৰ্দেশনা জাৰি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here