বিশ্বৰ প্ৰথমখন বিদ্যুৎচালিত বিমানৰ পৰীক্ষামূলক উৰণ

0
174

বিশ্বৰ প্ৰথমখন বিদ্যুৎচালিত বিমানৰ প্ৰথমটো পৰীক্ষামূলক উৰণ অলপতে সফলতাৰে সম্পন্ন কৰা হয়৷ ইজৰাইলৰ এভিয়েশ্যন এয়াৰক্ৰাফ্‌টে নিৰ্মাণ কৰা এলিচ নামৰ এই যাত্ৰীবাহী বিমানখনৰ পৰা ধোঁৱা নোলায় বা আন প্ৰদূষকো নিৰ্গত নহয়৷ ৱাশ্বিংটনৰ গ্ৰাণ্ট কাউণ্টি ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্টৰ পৰা বিমানখনে উৰা মাৰে আৰু আঠ মিনিট আকাশত থাকে৷ এলিচত জ্ঝজন যাত্ৰী যাব পাৰে আৰু সৰ্বোচ্ছ গতিবেগ ঘণ্টাত ৪৮০ কিল’মিটাৰ৷ বিমানখন প্ৰায় দুঘণ্টা উৰিব পাৰে আৰু সৰ্বাধিক ১,১০০ কিল’গ্ৰাম ওজনৰ বস্তু কঢ়িয়াব পাৰে৷ পৰীক্ষামূলক উৰণৰ সময়ত এলিচ ৩৫০০ ফুট উচ্ছতালৈকে যায়

LEAVE A REPLY

Please enter your comment!
Please enter your name here