মহামাৰী-সৃষ্ট সংকটৰ কাৰণে বিশ্বত ড্ৰাগ্‌ছৰ ব্যৱহাৰ বাঢ়িছে: ৰাষ্ট্ৰসংঘ

0
1466
ৰাষ্ট্ৰসংঘই কয় যে কৰ’না ভাইৰাছৰ মহামাৰীয়ে অধিক লোকক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ মুখলৈ ঠেলি দিছে আৰু সকীয়াই দিয়ে যে এই সংকটৰ পৰিণাম আগন্তুক বহুবছৰলৈ চলি থকাৰ সম্ভাৱনা আছে৷ ভিয়েনাভিত্তিক ইউনাইটেড নেশ্যন্‌ছ অফিচ অন ড্ৰাগ্‌ছ এণ্ড ক্ৰাইম চমুকৈ ইউ এন অ’ ডি চি-এ কয় যে মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক সংকটৰ কাৰণে কৰ্মসংস্থাপনহীনতা আৰু অন্যান্য সমস্যাৰ বাবে সমগ্ৰ বিশ্বত আফু গছ [অপিয়াম পপি] আৰু কোকা পাতৰ [যাৰ ৰসত কোকেইন নামৰ মাদক দ্ৰব্য থাকে] অবৈধ খেতি বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷  ইউ এন অ’ ডি চি-এ মুকলি কৰা ২০২১ চনৰ ৱল্ডৰ্ ড্ৰাগ ৰিপ’ৰ্টত কোৱা হৈছে যে ২০২০ চনত সমগ্ৰ বিশ্বত ২৭ কোটি ৫০ লাখ লোকে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিছিল৷ মহামাৰী আৰম্ভ হোৱাৰ সময়ত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় ব্যাহত হৈছিল যদিও নিচাযুক্ত দ্ৰব্যৰ বজাৰবোৰ পুনৰ তৎক্ষণাৎ সক্ৰিয় হৈ উঠে৷ ২০১৯ চনতকৈ ২০২০ চনত আফগানিস্তানত আফু খেতি ৩৭ শতাংশ বৃদ্ধি পায়৷ আফগানিস্তানতে আটাইতকৈ বেছি আফিং উৎপাদন হয়৷ সংস্থাটোৱে লগতে কয় যে অসমতা, দাৰিদ্ৰ্য আৰু মানসিক স্বাস্থ্যৰ অৱস্থায়ো মানুহক নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত কৰে আৰু এতিয়া এই কাৰকবোৰ সমগ্ৰ বিশ্বত বাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here