মহানগৰৰ মাছ-মাংস কিমান স্বাস্থ্যসন্মত? How healthy are the city’s fish and meat?

0
469
মহানগৰত মাছ-মাংসৰ ব্যৱসায় কৰা অধিকাংশ ব্যৱসায়ীয়েই অজ্ঞ৷ স্বাস্থ্যসন্মতভাৱে মাছ-মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত ইও একপ্ৰকাৰৰ সমস্যা হৈ পৰিছে৷  গুৱাহাটী মহানগৰত প্ৰতিদিনে বিক্ৰী হোৱা মাছ-মাংসসমূহ দৈনিক পৌৰ নিগমৰ স্বাস্থ্য বিষয়াই পৰীক্ষা কৰি মাংসসমূহৰ মান আৰু গুণাগুণ পৰীক্ষা কৰিব লাগে৷ কিন্তু সঠিকভাৱে নকৰাৰ ফলত বহু সময়ত মহানগৰবাসীয়ে পুষ্টিকৰ মাছ-মাংস খোৱাৰ পৰিৱৰ্তে ভেজাল মাছ-মাংস খাবলগীয়াত পৰিছে৷ কাৰণ মহানগৰৰ একাংশ ব্যৱসায়ীয়ে আগদিনা থাকি যোৱা মাছ-মাংসকেই পিছদিনা বিক্ৰী কৰা কোনো নতুন ঘটনা নহয়৷ আনহাতে ছাগলী মাংসৰ নামতো ভেড়াৰ মাংস বিক্ৰী কৰাৰ ঘটনাও বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ গতিকে মহানগৰবাসীয়ে উৎকৃষ্ট আৰু পুষ্টিকৰ খাদ্য লাভ কৰাৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে ভেজাল মাংস খাবলগীয়া হয়৷ আনহাতে কিদৰে মাছ-মাংসসমূহ বৈজ্ঞানিক পদ্ধতিৰে ৰাখি চাফ-চিকুণতাৰে বিক্ৰী কৰিব পাৰি সেইবিষয়ে কোনোধৰণৰ সজাগতামূলক ব্যৱস্থা নাই৷ বিশেষকৈ মহানগৰৰ পদপথ বা ৰাস্তাৰ কাষত মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই দৃশ্য সহজে পৰিলক্ষিত হয়৷ গতিকে এইদৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই মহানগৰত মাছ-মাংস বিক্ৰী কৰি থকা ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পূৰ্বেই এইক্ষেত্ৰত সজাগতা আৰু তেওঁলোকৰ বাবে বিজ্ঞানসন্মত বজাৰৰ ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here