খালী ভৰিৰে বনত খোজ কাঢ়ক ! পাওক এই আচৰিত লাভ (Walk barefoot on grass for miraculous benefits)

0
1203
ঘৰৰ বয়োজ্যেষ্ঠসকলে প্ৰায়ে আমাক খালী ভৰিৰে থকা বা বনত খোজ কঢ়াৰ পৰামৰ্শ দিয়াৰ অভিজ্ঞতা আমাৰ সকলোৰে নিশ্চয় আছে৷ কিন্তু তেনেধৰণৰ দিহাসমূহ প্ৰায়ে আমি অৱহেলা কৰোঁ৷ কিয়নো আমি  ভাবোঁ যে খালী ভৰিৰে থাকিলে ভৰিখন লেতেৰা হ’ব বা গোৰোহা ফাটিব৷ সেয়েহে প্ৰায়ে আমি ঘৰত থাকিলেও জোতা-ছেণ্ডেলৰ ওপৰতে থাকোঁ৷ কিন্তু আপুনি যদি ঘৰত থকা সময়খিনি অন্ততঃ খালী ভৰিৰে খোজ কাঢ়ে অথবা সেউজীয়া বনত আধা ঘণ্টাও খোজ কাঢ়ে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী হিচাপে স্বীকৃত হয়৷ এতিয়া জানো আহক বনত খোজ কাঢ়িলে কেনেধৰণৰ লাভ হয়৷

(১) আপোনাৰ যদি অনিদ্ৰাৰ সমস্যা হৈছে, তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দৈনিক পুৱা আধা ঘণ্টা সময় সেউজীয়া বনৰ ওপৰত খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাস কৰক৷


(২) চকুৰ বিভিন্ন সমস্যা তথা দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ হ’লে খালী ভৰিৰে খোজ কঢ়াটো ভাল৷ বিশেষকৈ পুৱা বনৰ ওপৰত খোজ কঢ়াটো অতি উত্তম৷ কাৰণ খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ পতাত যি চাপ পৰে, তাৰ ফলত চকুৰ স্নায়ু ভালে থাকে৷

How to Improve Eyesight [6 Best Tips to improve vision]


(৩) শিশুসকলে প্ৰায়ে খালী ভৰিৰে থকাটো পচন্দ কৰে৷ এই অভ্যাসে শৰীৰৰ প্ৰতিটো স্নায়ু সক্ৰিয় কৰে৷ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো ই বিশেষ অৰিহণা যোগায়৷

Toddler Walking Barefoot On Grass High Resolution Stock Photography and Images - Alamy


(8) খালী ভৰিলে বনত খোজ কঢ়াৰ ফলত ভৰিৰ স্নায়ুসমূহ সক্ৰিয় হৈ স্ত্ৰেচ, মানসিক অৱসাদ আদি দূৰ কৰে৷ আৰু যেতিয়া আপোনাৰ মনটো স্ত্ৰেচমুক্ত হ’ব, তেতিয়া আপোনাৰ ব্লাডপ্ৰেছাৰো নিয়ন্ত্ৰণত থকাত সহায়ক হ’ব৷

Love Thy Nature! Know the Benefits of Walking Barefoot on Grass!


(৫) একেদৰে খালী ভৰিৰে বনত খোজ কাঢ়িলে প্ৰাক-ঋতুস্ৰাৱজনিত সমস্যা যেনে– পেটৰ বিষ, মূৰৰ বিষ, মন বেয়া লগা, পিম্পলছ আদি সমস্যাসমূহ নিৰাময় হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here