মহানগৰীৰ ৰে’লপথৰ দাঁতিত চলে ড্ৰাগ্‌ছৰ ব্যৱসায়

0
1623
ড্ৰাগ্‌ছৰ কৰাল গ্ৰাসত পৰিছে ৰাজ্যৰ যুৱক-যুৱতী৷ যোৱা কিছুদিন ধৰি ৰাজ্য চৰকাৰে ড্ৰাগ্‌ছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো ভয়াৱহ গতিত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগ্‌ছৰ ক’লা ব্যৱসায়৷ ৰাজ্যৰ বিভিন্ন ঠাইত থকা একাংশ ড্ৰাগ্‌ছৰ ঘাটিত আৰু ড্ৰাগ্‌ছ সৰবৰাহকাৰী-ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত বিভিন্ন সময়ত কোটি কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ হৈছে৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ ব্যৱসায় আৰু সেৱনৰ লগত জড়িত থকা যথেষ্টসংখ্যক লোকক আটক কৰি আহিছে যদিও উৎখাত কৰিব পৰা নাই ড্ৰাগ্‌ছৰ সাম্ৰাজ্য৷ ড্ৰাগ্‌ছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ সময়তে দৈনিক মহানগৰৰ আৰক্ষীৰ জালত পৰিছে কেইবাটাও ড্ৰাগ্‌ছ সৰবৰাহকাৰী৷ উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ৷ বিশেষকৈ মহানগৰৰ কামাখ্যা, ভৰলু, আঠগাঁও, চানমাৰি, বামুণীমৈদাম, গান্ধীবস্তি, গীতানগৰ, উজান বজাৰৰ লগতে ৰে’লপথৰ দাঁতিত গঢ়ি উঠা অবৈধ ঘৰ আৰু বস্তি অঞ্চলসমূহ এতিয়া ড্ৰাগ্‌ছৰ ঘাটি  হৈ পৰিছে৷ ৰে’লপথত মুকলিকৈ একাংশই বিক্ৰী আৰু সেৱন কৰে ড্ৰাগ্‌ছ৷ এই ড্ৰাগ্‌ছ সৰবৰাহ কাৰ্যত শিশুকো ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা গৈছে৷ বিভিন্ন সময়ত আৰক্ষীয়ে ৰে’লপথৰ দাঁতিত থকা জুপুৰিত অভিযান চলাই ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আহিছে৷ কিন্তু তাৰ পাছতো বিভিন্ন কৌশলেৰে আৰক্ষীৰ চকুত ধূলি মাৰি অব্যাহত আছে ড্ৰাগ্‌ছৰ ব্যৱসায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here