Flax seeds: ওজন কমোৱাত যাদুকৰী প্ৰভাৱ

0
995
আমাৰ সকলোৰে শৰীৰৰ সামান্য ওজন বৃদ্ধি হ’লেই চিন্তাৰ কাৰণ হৈ পৰে৷ আমাৰ শৰীৰৰ ওজন বৃদ্ধিৰ ফলত বিভিন্ন ৰোগত আশংকাই দেখা দিয়ে৷ ওজন বৃদ্ধি যে অকল সৌন্দৰ্যকে প্ৰভাৱিত কৰে তেনে নহয়, বৰং স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট কু-প্ৰভাৱ পেলায়৷ আপোনাৰো ওজন বৃদ্ধিৰ সমস্যাই দেখা দিছে নেকি? চিন্তাৰ কোনো কাৰণ নাই৷ শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ লগতে পেটত জমা হোৱা চৰ্বি কমাবলৈ Flax seeds নিয়মিতৰূপে খাব পাৰে৷ কেঁচা আমাৰ চাটনিৰ সৈতে, ওটছৰ সৈতে ফ্লেক্স চিডছ খাব পাৰি৷ ইয়াৰ উপৰি শুকানকৈ ভাজি বা পাউডাৰ হিচাপেও Flax seeds খোৱা যায়৷ জানো আহক Flax seedsৰ উপকাৰিতা আৰু গুণাগুণবোৰ৷

(১) প্ৰ’টিন, ফাইবাৰ, হেল্ডি ফেট, কেলচিয়াম, ওমেগা৩ ফেটি এচিডেৰে সমৃদ্ধ Flax seeds৷ ফ্লেক্স চিডছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷


(২) Flax seedsত থকা ফাইবাৰে পাচন শক্তি আৰু মেটাবলিজম উন্নত কৰে৷


(৩) Flax seedsত থকা ডায়েটৰী ফাইবাৰে ওজন হ্ৰাস কৰাত সহায় কৰে৷ ইয়াৰ উপৰি উচ্ছ ফাইবাৰযুক্ত ফেট থকাৰ বাবে টাইপ-২ ডায়েবেটিছ, হৃদৰোগৰ সম্ভাৱনা কম কৰে৷

Pumpkin Pie Oatmeal with Roasted Flax Seeds | the taste space


(8) Flax seedsত থকা এণ্টিঅক্সিডেণ্ট আৰু ফাইটোকেমিকেলছে বাৰ্ধক্য দূৰ কৰে৷ ছালত পৰা বলিৰেখা নিয়ন্ত্ৰণ আৰু ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে Flax seeds অতি উত্তম৷


(৫) ফ্লেক্স চিডছত Alpha-linolenic acid পোৱা যায়৷ ইয়ে আথ্ৰাইটিছ, এজমা, ডায়েবেটিছ আৰু কেঞ্চাৰ ৰোগৰ মোকাবিলা কৰাত সহায় কৰে৷ বিশেষকৈ কোলন কেঞ্চাৰ বাবে ফ্লেক্স চিডছৰ ভূমিকা গুৰুত্বপূৰ্ণ৷


(৬) Flax seedsৰ তেলেৰে মালিচ কৰিলে শৰীৰৰ অংগ সুস্থ আৰু কাৰ্যকাৰিতা বাঢ়ে৷ ইয়াৰ তেল মুখত লগালে ছাল মসৃণ আৰু উজ্জ্বল হয়৷

The Benefits of Flaxseed Oil for Hair | NaturallyCurly.com


(৭) Flax seedsত থকা লাইগনে অন্ত্ৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে৷ যিয়ে ফিমেল হৰমনৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷


(৮) নিৰ্দিষ্ট পৰিমাণৰ Flax seeds খালে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷ ইয়াৰ ফলত শৰীৰৰ আভ্যন্তৰীণ অংশ সুস্থ আৰু কাৰ্যকৰী থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here