ফ্ৰান্সত কৰ’নাৰ চতুৰ্থটো ঢৌ আৰম্ভ

0
815

ফ্ৰান্সত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ চতুৰ্থটো ঢৌ আৰম্ভ হৈছে৷ উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ অধিকাংশ দেশতে কৰ’নাৰ দ্বিতীয় তথা তৃতীয় ঢৌ চলি আছে৷ সেই সময়তে ফ্ৰান্সত চতুৰ্থ ঢৌৱে দ্ৰুত গতিত সংক্ৰমণ বৃদ্ধি কৰিছে৷ ফ্ৰান্স চৰকাৰৰ এজন মুখপাত্ৰই কয় যে দেশখনত চতুৰ্থ ঢৌ প্ৰতিৰোধ কৰিবলৈ কভিড-১৯ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ দেশখনত যোৱা ২২ জুলাইৰ পৰা এই নিৰ্দেশ কঠোৰভাৱে বলৱৎ কৰাৰ লগতে যিসকলে এতিয়াও ভেক্‌চিন লোৱা নাই, তেওঁলোকৰ টিকাকৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ দেশখনত কৰ’নাৰ Delta ভেৰিয়েণ্টে চতুৰ্থ ঢৌৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here