মহাকাশত বিজ্ঞানীৰ দুৰ্লভতাৰকাৰাজ্যৰ সন্ধান লাভ

0
144


জ্যোতিৰ্বিদসকলে মহাকাশত এখন দুৰ্লভ তাৰকাৰাজ্যৰ সন্ধান লাভ কৰিছে৷ এই তাৰকাৰাজ্যত তিনিটা বিশাল কৃষ্ণ গহ্বৰো আছে৷ এই তাৰকাৰাজ্য বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে সৰ্ববৃহৎ হ’ব বুলি জ্যোতিৰ্বিদসকলে মত ব্যক্ত কৰিছে৷ এই তাৰকাৰাজ্যখন ইমানেই ডাঙৰ যে ইয়াৰ ওজন ১০০০ কোটি সূৰ্যৰ ওজনৰ সমান৷ আনহাতে ইয়াত থকা কৃষ্ণ গহবৰকেইটা সূৰ্যতকৈ ৩০ হাজাৰ কোটি গুণ ডাঙৰ৷ আমাৰ হাতীপটি তাৰকাৰাজ্যত কৃষ্ণ গহবৰতকৈ কেইবালাখ গুণ ডাঙৰ হ’ব৷ বিজ্ঞানীসকলে এক্ট্ৰিড পদ্ধতিৰে এই তাৰকাৰাজ্যৰ অধ্যয়ন কৰি আছে৷ ইয়াৰ জৰিয়তে বিজ্ঞানীয়ে বিশ্বব্ৰহ্মাণ্ডৰ কেতিয়া উৎপত্তি হৈছিল সেই কথাটো জনাৰো চেষ্টা চলাই আছে৷ এই তাৰকাৰাজ্যখন প্ৰায় ১১০০ কোটি বছৰ পুৰণি হ’ব বুলি অনুমান কৰা হৈছে৷ এই বিশাল আকাৰৰ কৃষ্ণ গহবৰ তিনিখন তাৰকাৰাজ্য মিলিত হোৱা স্থানত পোৱা গৈছে৷ প্ৰতিখন তাৰকাৰাজ্যৰে নিজা কোৱাচাৰ আছে৷ তিনিওখন তাৰকাৰাজ্যৰ কোৱাচাৰ পৰস্পৰৰ সৈতে মিলি যোৱাৰ পাছত অতি বিশাল আকাৰৰ কৃষ্ণ গহবৰৰ উৎপত্তি হয় আৰু ই অত্যন্ত শক্তিশালীও হয়৷ এই কৃষ্ণ গহবৰৰ উৎপত্তি হ’বলৈ কমেও ১৫ কোটি বছৰৰ প্ৰয়োজন হৈছিল৷ গৱেষকসকলৰ মতে ভৱিষ্যতেও এনেধৰণৰ কৃষ্ণ গহবৰৰ উৎপত্তি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here