গৱেষণাত প্ৰকাশ : আদবয়সীয়া মানুহ অধিক সক্ৰিয়

0
161

আদবয়সীয়া মানুহৰ এতিয়া চিন্তা-ধাৰণা সলনি হৈছে৷ এনে বয়সৰ মানুহে এতিয়া  স্থায়িত্ব আৰু আৰামদায়ক জীৱন-যাপন কটোৱাৰ হাবিয়াস কৰিবলৈ এৰিছে৷ এই বয়সৰ মানুহে এতিয়া নতুনকৈ জীৱন আৰম্ভ কৰাৰ কথাহে ভাবে৷ এক গৱেষণাত এই কথা প্ৰকাশ পাইছে৷ গৱেষকসকলে গৱেষণাত পোৱা তথ্য মতে ৪০ বছৰ বয়সৰ পাছতো মানুহে নতুন নতুন কথা, আধুনিক প্ৰযুক্তি কৌশল শিকি নিজৰ দক্ষতা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে৷ ইয়াৰ লগতে নিজকে অধিক সক্ৰিয় কৰি ৰখাটোত মনোযোগ দিবলৈ লৈছে৷ যিটো বয়সত মানুহে নিজকে সুসংস্থাপিত কৰিবলৈ বিচাৰে বুলি কোৱা হয়, সেই বয়সত  এতিয়া মানুহে নতুন আৰম্ভণি কৰিবলৈ লৈছে আৰু সফলো হৈছে৷ আমেৰিকা আৰু ইউৰোপৰ দৰে দেশত এতিয়া এই প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে৷ হেলি বেৰী, হিউ জেকমেন, নাওমী কেম্পেলছ, জেনিফাৰ লোপেজ, এলিজাবেথ হাৰ্লে, টম ক্ৰুজৰ দৰে আদবয়সীয়া তাৰকা এতিয়া তেওঁলোকৰ বাবে ৰোল মডেল হৈ পৰিছে৷ ৰিচাৰ্ড উইলচন এই ক্ষেত্ৰত এক উদাহৰণ৷ আনহাতে ব্ৰিটেইনত এতিয়া আদবয়সৰ পৰিভাষা সলনি হৈছে৷ এতিয়ালৈকে আদবয়সৰ আৰম্ভ ৪০ বছৰত হয় বুলি কোৱা হৈছিল৷ ব্ৰিটেইনত  ৪০-৬৪ বছৰ বয়সীয়াসকলে নিজকে আদবয়স বুলি ভাবে৷ সেয়েহে ইউৰোপ আৰু আমেৰিকাত এই বয়সৰ লোকসকলক অধিক সক্ৰিয় অৱস্থাত দেখাৰ পাছত আদবয়স বুলি ধৰা পৰম্পৰাগত বয়স অধিক বৃদ্ধি কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here