মনক শান্তি প্ৰদান কৰিবলৈ কি কৰিব?

0
1138
বৰ্তমান যান্ত্ৰিকতাৰে ভৰা জীৱনশৈলীত কাৰো যেন নিজৰ কাৰণে, নিজৰ শৰীৰটোৰ কাৰণে তথা নিজৰ মনটোৰ কথা ভাবিবলৈ আহৰিয়েই নাই৷ সেয়েহে আজিকালি অতি কম বসয়ৰ যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি একেবাৰে বসয়স্থ লোকলৈ সকলোৱে মানসিক চাপৰ বলি হোৱা পৰিলক্ষিত হয়৷ এনে সময়ত আমাৰ মগজু সুস্থ-সবল কৰি ৰাখিবলৈ মনটোক প্ৰফুল্লিত কৰি ৰখাৰ যথেষ্ট প্ৰয়োজন৷ এই ক্ষেত্ৰত ধ্যানে ( Meditation ) আমাক যথেষ্ট সকাহ দিব পাৰে৷

[১] ধ্যানে আমাৰ জ্ঞান আৰু চেতনাৰ বিকাশত সহায় কৰে৷
[২] ধ্যানৰ অনুশীলন কৰাৰ লগে লগে মানুহৰ ভাল চিন্তা আৰু বিচাৰ-বুদ্ধি অৰ্জনৰ ক্ষমতা বৃদ্ধি হয়৷

Top Meditation Techniques You Can Easily Learn | United We Care


[৩] ধ্যানে সকলো ধৰণৰ হতাশা, দুশ্চিন্তা, ভয়, মানসিক চাপ আঁতৰাই প্ৰকৃততে মানুহক সুখী জীৱন-যাপন কৰাত বিশেষভাৱে অৰিহণা যোগায়৷
[৪] স্মৃতিশক্তি বৃদ্ধি, ভাল টোপনি অহা আৰু প্ৰতিভা বিকাশত ধ্যানে যথেষ্টখিনি সহায় কৰে৷
[৫] ধ্যানে চঞ্চল মনক অন্য চিন্তাসমূহৰ পৰা আঁতৰাই কোনো নিৰ্দিষ্ট বিন্দুত কেন্দ্ৰীভূত কৰিব পাৰে৷
[৬] ধ্যানে হাওঁফাওঁজনিত ৰোগ নিৰাময় কৰাৰ লগতে শ্বাস-প্ৰশ্বাস, ৰক্ত সঞ্চালন আদি প্ৰক্ৰিয়াও উন্নত কৰে৷

এক কথাত ক’বলৈ গ’লে দৈনিক ধ্যানৰ অভ্যাসে শাৰীৰিক সক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক শক্তিও বৃদ্ধি কৰে৷ এই প্ৰক্ৰিয়াত কোনোধৰণৰ চিন্তা-ভয়-শংকা মনলৈ আনিব নালাগে৷ কেৱল নিজক উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে৷ এনেদৰে দৈনিক অভ্যাস কৰিলে আপোনাৰ মানসিক অস্থিৰতা সহজে দূৰ হ’ব৷ গতিকে এনেদৰে নিতৌ ধ্যান-প্ৰাণায়াম কৰি যান্ত্ৰিকতাৰে ভৰা এই জীৱনত নিজক উপলব্ধি কৰাৰ বাট মোকলাই মনটোক শান্তি প্ৰদান কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here