বতৰৰ ফল জামুৰ আছে অনেক গুণ

0
1490
বতৰৰ এবিধ উত্তম ফল হৈছে জামু বা জাম৷ ইয়াক Java plum, Black plum, Malabor plum, Indian Blackberry আদি নামেৰেও জনা যায়৷ জামু ফলত, বিশেষকৈ ক’লা জামুত যথেষ্ট পৰিমাণে পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C ৰ লগতে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ জাম এবিধ সুস্বাদু ফল৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
Ripe Blackberry Fruit. Isolated On White Background Stock Photo, Picture And Royalty Free Image. Image 20238161.

[১] ডায়েবেটিছ ৰোগীৰ বাবে এবিধ উত্তম পথ্য হ’ল জাম৷ জাম সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়৷ জাম খালে এমাইলেজ উৎসেচকৰ ক্ৰিয়া কিছু হ্ৰাস হয়৷ ফলত আমাৰ খাদ্যনলীৰ সৰু আৰু বৃহৎ অন্ত্ৰত কাৰ্বহাইড্ৰেটৰ বিপাক কমকৈ হ’ব পাৰে৷ যাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ কমে৷
[২] জামত যিহেতু যথেষ্ট পৰিমাণে ফচফৰাছ আৰু কেলচিয়াম থাকে, সেয়ে জাম খালে শিশুৰ হাড়ৰ গঠন মজবুত হয়৷ বয়সস্থ লোকে জাম খালে অষ্টিঅ’পৰোছিছ [Osteoporosis] ৰোগ নিয়ন্ত্ৰণ হয়৷
[৩] জাম খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ ইয়াত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে বাবে কাহ, কফ, ফ্লু আদিৰ পৰা ৰক্ষা পাব পাৰি৷
[৪] ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C আদি যথেষ্ট পৰিমাণে জামত থাকে৷ সেয়ে জাম খালে ছাল সজীৱ আৰু মসৃণ হয়৷ মুখত ওলোৱা ৰিংকল নাইকিয়া কৰিবলৈ নিয়মিতৰূপে জাম খাওক৷
[৫] জামত আইৰন প্ৰচুৰ পৰিমাণে থাকে বাবে ৰক্তহীনতাৰ পৰা হাত সাৰিবলৈ জাম সেৱন কৰক৷
[৬] শিশুক মগজুৰ বিকাশ আৰু স্মৃতিশক্তি বঢ়াবলৈ দৈনিক জাম খাবলৈ দিয়ক৷
[৭] দাঁত পৰিষ্কাৰ কৰি ৰখাৰ লগতে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ নোহোৱা কৰিবলৈ সদায় জাম খাওক৷
[৮] গৰমৰ দিনৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জাম খাওক৷

সেয়েহে আহক, বতৰৰ ফল জাম আমি দৈনিক ৮-১০টা সেৱন কৰি স্বাস্থ্য অটুট ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here