মচুৰ দাইলৰ উপকাৰিতাকি জানো আহক

0
337

সাধাৰণতে খেতিয়কসকলে মুগ, মচুৰ, অৰহৰ, মটৰ আদি বিভিন্ন প্ৰকাৰৰ দালি খেতি কৰে৷ আটাইকেইবিধ দাইলৰেই পুষ্টিকৰ লগতে উপকাৰী গুণ আছে৷ তাৰ ভিতৰৰে মচুৰ দালিৰ কি কি পুষ্টিকৰ গুণ আছে আমি বহুতেই নাজানো৷ বহু বছৰৰ আগৰে পৰা মচুৰ দাইল খাদ্যৰূপে গ্ৰহণ কৰিছিল৷ প্ৰথমে গ্ৰীচ, তাৰ পাছত পেলেষ্টাইন, তুক¹ আৰু তাৰ পাছত ক্ৰমে সমগ্ৰ বিশ্বতে মচুৰ দালিৰ খাদ্য হিচাপে জনপ্ৰিয় হৈ পৰে৷ এইবিধ দাইল শৰীৰৰ পক্ষে কিমান উপকাৰী, সেই বিষয়ে কিছু বছৰ আগেয়েহে জনা যায়৷ গৱেষণাৰ জৰিয়তে জানিব পাৰে যে মচুৰ দাইলত শৰীৰৰ লাগতিয়াল বহুতো উপাদান পোৱা যায়৷ জনা মতে, এক কাপ মচুৰ দাইলত ১৮ গ্ৰাম প্ৰ’টিন পোৱা যায়৷ ইয়াৰ উপৰি ফাইবাৰেৰে পৰিপূৰ্ণ মচুৰ দাইলত কেলৰিৰ পৰিমাণ অত্যন্ত কম৷ মচুৰ দাইলত এনে কি গুণ আছে জানো আহক–
গৱেষণাৰ পৰা গম পোৱা গৈছে যে মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা লয়৷ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কমাৰ লগতে ষ্ট˜’কৰ সম্ভাৱনাও কমে৷
মচুৰ দাইলত ফাইবাৰৰ উপৰিও ফলেট, মেগনেচিয়াম পোৱা যায়৷ এইবোৰে হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ ফলত কোনোধৰণৰ হাৰ্টত সমস্যা হোৱাৰ সম্ভাৱনা নোহোৱা হয়৷ উল্লেখ্য যে ফলেটে শৰীৰত হমোছিষ্টেনিনৰ মাত্ৰা কমায়৷
প্ৰচুৰ পৰিমাণে ফাইবাৰ মচুৰ দাইল থকা বাবে হজমৰ সহায়ত এচিডৰ ক্ষৰণ বঢ়াই তোলে৷ ফলত বদহজম, গেছৰ সমস্যা আদি কমাই ৰাখে৷ 
মচুৰ দাইলত থকা চলেবল ফাইবাৰে ব্লাড ছুগাৰৰ লেভেল নিয়ন্ত্ৰণ ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগৰ ভোগাৰ সম্ভাৱনা কমে৷
মচুৰ দাইল খালে আমাৰ শৰীৰে চ্ছ শতাংশ কেলৰি প্ৰ’টিন হিচাপে গ্ৰহণ কৰে৷ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানৰ ঘাটি দূৰ কৰে৷ সেয়ে শৰীৰটো নানাবিধ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷
মচুৰ দাইলত থকা কাৰ্বহাইড্ৰেট, প্ৰ’টিন, উপকাৰী খনিজ, ফাইবাৰে বহুসময় ধৰি পেটটো ভৰাই ৰাখে৷ ফলত কিছু সময়ৰ মূৰে মূৰে খোৱাৰ প্ৰৱণতা নাইকিয়া হয়৷ সেয়ে এিবিধ দাইলে শৰীৰৰ ওজন হ্ৰাস উল্লেখনীয় অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here