লিভাৰ সুস্থ ৰাখিবলৈদৈনিক এইকেইবিধ খাওক

0
131

বৰ্তমান সময়ত লিভাৰৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ বিশেষকৈ ফেটি লিভাৰৰ সমস্যাত প্ৰায়ভাগ লোকেই আক্ৰান্ত হয়৷ চিন্তনীয় কথাটো হ’ল যে প্ৰথম অৱস্থাত মানুহৰ এই ৰোগৰ লক্ষণ ধৰা নপৰে যদিও শেষত বমি, অত্যধিক ভাগৰ, মানসিক অস্থিৰতা, শাৰীৰিক দুৰ্বলতা আদি কাৰকবোৰ গা কৰি উঠে৷ ফেটি লিভাৰৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা-বিজ্ঞানত বিভিন্ন ঔষধ উপলব্ধ যদিও মানুহৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন আৰু ঘৰুৱা উপায়েৰে এই বেমাৰৰ পৰা সকাহ পাব পাৰি৷ জানো আহক কিদৰে ফেটি লিভাৰ নিয়ন্ত্ৰণ কৰিব৷ ফেটি লিভাৰৰ অন্যতম ফলপ্ৰসূ ঘৰুৱা উপায় হ’ল আপেল চিডাৰ ভিনেগাৰ৷ ই লিভাৰত জমা হোৱা চৰ্বি হ্ৰাস কৰাৰ উপৰি শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ আপোল চিডাৰ ভিনেগাৰে শৰীৰৰ প্ৰদাহ কমাই লিভাৰৰ সুস্থ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ আপেল চিডাৰ ভিনেগাৰ গৰম পানীৰ লগত মিহলাই দিনটোত দুবাৰকৈ খাদ্য খোৱাৰ আগতে খাব লাগে৷
নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে যকৃতক গ্লুটাথিয়ন উৎপন্ন কৰাত সহায় কৰে৷ এই এনজাইমে লিভাৰত থকা বিষাক্ত পদাৰ্থ নিঃশেষ কৰে৷ আনহাতে নেমুৱে লিভাৰত চৰ্বি জমা হ’বলৈ নিদিয়ে৷
গ্ৰীন টীত উচ্ছ ঘনত্বৰ কেটেচিন পোৱা যায়৷ এইবিধে উপাদানে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে৷ আনহাতে মদ সেৱন নকৰা লোকসকলক লিভাৰচ চৰ্বি জমা হোৱাৰ বাধা দিয়ে৷ লিভাৰৰ ক্ষমতা বৃদ্ধি আৰু চৰ্বিযুক্ত লিভাৰৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে গ্ৰীন টী সেৱন কৰা উচিত৷
হালধিত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে প্ৰাকৃতিকভাৱে ফেটি লিভাৰ নিৰাময় কৰিব পাৰে৷ হালধিয়ে শৰীৰৰ চৰ্বি দহনত সহায় কৰে৷
ফেটি লিভাৰ হোৱাৰ অন্যতম কাৰণ হ’ল মছলাযুক্ত বা চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰা৷ অমিতা আৰু ইয়াৰ গুটিয়ে দেহৰ চৰ্বি দহত সহায় কৰে৷ অৰ্থাৎ প্ৰাকৃতিকভাৱে ফেটি লিভাৰৰ পৰা সকাহ পাবলৈ অমিতা খোৱাটো নিতান্তই প্ৰয়োজন৷
আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে৷ এই অপৰিহাৰ্য ভিটামিনে লিভাৰৰ সঠিক কাম-কাজ নিশ্চিত কৰে৷ আমলখিয়ে লিভাৰৰ বিষাক্ত পদাৰ্থ বাহিৰলৈ নিৰ্গত কৰাৰ সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here