ভেক্‌চিনৰ এটা আৰু দুটা ড’জে কিমান শতাংশ মৃত্যুৰ আশংকা কমায় – জানেনে? By what percentage do the first and second doses of vaccine lessen the probability of death?

0
1211
এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰৰ তথ্য উল্লেখ কৰি কেন্দ্ৰই কয় যে ক’ভিডৰ ভেক্‌চিনৰ এটা পালিয়ে মৃত্যু ৯৬.৬% প্ৰতিৰোধ কৰে আৰু দুটা পালিয়ে মৃত্যু ৯৭.৫% প্ৰতিৰোধ কৰে৷ চৰকাৰে কয় যে ভেক্‌চিনে মৃত্যু প্ৰতিৰোধ কৰে৷ চৰকাৰে লগতে কয় যে নতুন তথ্যৰ পৰা দেখা গৈছে যে এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত ক’ভিডৰ বিধবংসী দ্বিতীয় ঢৌৰ সময়ত মৃত্যু হোৱা অধিকাংশ লোকে ভেক্‌চিন লোৱা নাছিল৷ কভিড টাস্ক ফ’ৰ্চৰ মুৰববী ভি কে পালে কয় যে টিকাকৰণেই ভাইৰাছৰ বিৰুদ্ধে আটাইতকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰ৷ তেওঁ আৰু কয় যে ভেক্‌চিন সহজলভ্য৷ ভেক্‌চিন ল’বলৈ আমি জনসাধাৰণক অনুৰোধ জনাইছোঁ৷ প্ৰথমটো পালি লোৱাৰ পাছতহে মানুহে দ্বিতীয়টো পালি ল’ব পাৰে৷ ভেক্‌চিনে নিশ্চিত কৰে যে ক’ভিডৰ কাৰণে মৃত্যু নহয়৷ চৰকাৰে কয় যে ভেক্‌চিনৰ দুয়োটা পালি ল’লেও সংক্ৰমণ হ’ব পাৰে৷ কিন্তু মৃত্যু নহয় আৰু চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া অৱস্থা খুব কমেইহে হয়৷ পালে সতৰ্ক কৰি দিয়ে যে ক’ভিডৰ লগতে ডেংগুৰ দৰে আন সংক্ৰমণো বাঢ়িছে৷ তেওঁ নিশ্চিত কৰে যে উত্তৰ প্ৰদেশত ভালেমান শিশুৰ মৃত্যুৰ কাৰণ ডেংগু৷ মহৰ পৰা বিয়পা ৰোগ বাঢ়িছে৷ গতিকে সতৰ্ক হোৱাৰ প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here