দুৰ্গম অঞ্চলত ক’ভিড ভেক্‌চিন দিবৰ বাবে কি ব্যৱস্থা লৈছে ? What steps is the government taking for Covid vaccination in remote areas ?

0
922
ৰাজ্যৰ বিভিন্ন দুৰ্গম এলেকাত ক’ভিড ভেক্‌চিন প্ৰদান কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ পাছত স্বাস্থ্য বিভাগে ৰাজ্যৰ ১০খন জিলাৰ দুৰ্গম অঞ্চলত ভেক্‌চিন দিবৰ বাবে ১৫খন বিশেষ বাহন প্ৰেৰণ কৰে৷ গুৱাহাটীৰ ISBT-ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ্‌ কৰি এই বাহনকেইখন প্ৰেৰণ কৰে৷ মুখ্যমন্ত্ৰীজনে কয় যে ৰাইজে যিমানে বুদ্ধি উলিয়াব, সিমানেই ক’ভিড বিয়পিব৷ স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মতে চলিলেই সকলোৱে নিৰাপদে থাকিব পাৰিব বুলিও কয়৷ সেয়ে সকলোকে তেওঁ স্বাস্থ্য বিভাগৰ পৰমৰ্শ মতে চিকিৎসা কৰিবলৈ আহবান জনায়৷ আনহাতে মানুহ সজাগ হৈ আৰু চৰকাৰী নিৰ্দেশনা মানি ঘৰতে থকা হ’লে এই বছৰ ইমান মানুহৰ মৃত্যু নহ’লহেঁতেন বুলিও তেওঁ সদৰী কৰে৷ ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহত ভেক্‌চিন প্ৰদান কৰাত সমস্যাৰ সৃষ্টি হৈছিল বুলি সদৰী কৰি প্ৰেৰণ কৰা বাহনসমূহে এই দুৰ্গম অঞ্চলত ভেক্‌চিন প্ৰদান কৰিব বুলি কয়৷ আনহাতে দুবছৰৰ পাছত এইবাৰ অসমত জনসাধাৰণে দুৰ্গা পূজা উদ্‌যাপন কৰিবলৈ সক্ষম হ’ব বুলিও কয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যত ক্ৰমাৎ ক’ভিড পৰিস্থিতি উন্নত হৈছে৷ এনে পৰিস্থিতিত কভিড বিধি মানিহে ৰাজ্যত এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰিব পাৰিব৷ তেওঁ সাৱধান আৰু সতৰ্কতাৰে পূজা পালন কৰিবলৈও ৰাজ্যবাসীক আহবান জনায়৷ আনহাতে চৰকাৰে শীঘ্ৰে পূজা সন্দৰ্ভত বিশেষ SOP জাৰি কৰিব বুলিও তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here