ভেক্‌চিনক লৈ উৰাবাতৰিত গুৰুত্ব নিদিব: প্ৰধানমন্ত্ৰী

0
1440
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৭ জুনত  কয় যে বিশ্ব মহামাৰী কৰ’না ভাইৰাছ শেষ হৈ যোৱা বুলি কোনেও ভাবিব নালাগে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভাইৰাছে নিজৰ ৰূপ সলনি কৰি থাকে আৰু সেয়েহে ইয়াৰ পৰা বাচি থকাৰ বাবে সকলোৱে কৰ’নাৰ নীতি-নিয়মসমূহ মানি চলাৰ লগতে ভেক্‌চিন ল’ব লাগে৷ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ কৰ’নাৰ ভেক্‌চিনক লৈ প্ৰচাৰিত হোৱা বিভ্ৰান্তিকৰ বাতৰি তথা উৰাবাতৰিত গুৰুত্ব নিদিবলৈ জনসাধাৰণক আহবান জনায়৷ ভেক্‌চিনক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা আশংকা তথা বিভ্ৰান্তি আঁতৰ কৰাৰ প্ৰয়াস কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে  মই দুয়োটা ড’জ ল’লোঁ৷ মোৰ মাতৃৰ বয়স প্ৰায় ১০০ বছৰ৷ তেৱোঁ ভেক্‌চিনৰ দুয়োটা পালি ল’লে৷ সেয়েহে ভেক্‌চিনক লৈ যিকোনো ধৰণৰ উৰাবাতৰিত গুৰুত্ব নিদিব৷ কৰ’না ভাইৰাছ শেষ হৈ গ’ল বুলি ভুল কৰিব নালাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বেমাৰ এনেকুৱা৷ ই বহুৰূপী৷ ৰূপ সলনি কৰি থাকে, নতুন নতুন ৰূপ লৈ উপস্থিত হয়গৈ৷ ইয়াৰ পৰা হাত সাৰি থকাৰ দুটা উপায় আমাৰ হাতত আছে৷ প্ৰথম উপায়টো হ’ল– কৰ’না ভাইৰাছৰ সকলো নীতি-নিয়ম মানি চলা আৰু দ্বিতীয়টো হ’ল টিকাকৰণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here