আইচক্ৰীমৰ এনে কি গুণ আছে?

0
659
গৰমৰ দিনত আইচক্ৰীম খোৱাটো বহুতেই পচন্দ কৰে৷ কিন্তু তাৰ মাজতে বহুতেই কয় যে আইচক্ৰীম বেছিকৈ খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ এইটো খুব এটা সঠিক তথ্য নহয়৷ বৰঞ্চ আইচক্ৰীম খালে শৰীৰৰ উপকাৰহে হয়৷ আনহাতে বহুতো লোকে কোৱা শুনা যায় যে আইচক্ৰীম খালে শকত হয়৷ কিন্তু ইয়াৰ কোনো প্ৰামাণিক তথ্য নাই৷ সেয়ে আমি জানো আহক আইচক্ৰীম খোৱাৰ প্ৰয়োজনীয়তা কিমান?
Delicious ice cream styles from around the world

( ১ ) কেলচিয়াম দাঁত আৰু হাড়ৰ বাবে উপকাৰী৷ সেয়ে যিসকলে আইচক্ৰীম খায়, তেওঁলোকে আইচক্ৰীমত থকা গাখীৰৰ বাবে শৰীৰৰ লাগতিয়াল কেলচিয়াম পায় আৰু এনেদৰে শৰীৰে কেলচিয়ামৰ অভাৱ দূৰ কৰে৷
( ২ ) আইচক্ৰীমে শৰীৰত শক্তিৰ যোগান ধৰে৷ সেয়ে যিসকলে শাৰীৰিক দুৰ্বলতা অনুভৱ কৰে বা কাম কৰিবলৈ যিসকলে শক্তি নাপায়, তেওঁলোকে আইচক্ৰীম খোৱাটো বাঞ্ছনীয়৷ আইচক্ৰীমে শৰীৰত প্ৰচুৰ পৰিমাণে শক্তিৰ যোগান ধৰে৷

Health benefits of ice cream


( ৩ ) আইচক্ৰীমে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আইচক্ৰীমে দেহৰ পৰিপাকতন্ত্ৰ আৰু শ্বাসতন্ত্ৰ প্ৰদাহ প্ৰতিৰোধ কৰে৷ পৰিপাকতন্ত্ৰ আৰু শ্বাসতন্ত্ৰ সুস্থ থাকিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়৷
( ৪ ) চেৰাটোনিন হৰমনবিধে আমাৰ মন-মেজাজ প্ৰফুল্লিত কৰি ৰাখে৷ আইচক্ৰীমে মানৱ দেহত ছেৰাটোনিন হৰমনৰ উৎপন্নত সহায় কৰে৷ সেয়ে মন ভালে ৰাখিবলৈ আইচক্ৰীম খাওক৷

ASMR GIANT ICE CREAM CONES (Soft Ice Eating Sounds) No Talking MUKBANG 리얼사운드 먹방 咀嚼音 - YouTube


( ৫ ) শৰীৰৰ ওজন কমোৱাত আইচক্ৰীমে অৰিহণা যোগায়৷ আইচক্ৰীমত থকা কেলচিয়ামে শৰীৰৰ ওজন হ্ৰাসত সহায় কৰে৷

The Scoop Behind 8 “Healthy” Ice Creams | Diet & Nutrition - Sharecare


( ৬ ) শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে মহিলাৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে৷ কেলচিয়ামেৰে সমৃদ্ধ আইচক্ৰীম খালে মহিলাৰ স্তন কেঞ্চাৰৰ সম্ভাৱনা কম হয়৷

সেয়েহে বহুতেই কোৱা আইচক্ৰীম বেছিকৈ খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক– এই কথাশাৰীক প্ৰত্যাহ্বান জনাই শৰীৰৰ বাবে লাগতিয়াল আইচক্ৰীম সেৱন কৰি শৰীৰ শক্তিশালী কৰি ৰাখো আহক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here