ক’ভিডত শিশুৰ আক্ৰান্তৰ হাৰ অত্যন্ত উদ্বেগজনক

0
567
ৰাজ্যত ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা কৰাৰ লগতে এই ঢৌত শিশুসকল মুখ্যতঃ আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ কিন্তু অসমত দ্বিতীয় ঢৌতে বৃহৎসংখ্যক শিশু ক’ভিডত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে৷ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুুসৰি ৰাজ্যৰ ৰে’ড জিলাৰ অন্তৰ্ভুক্ত কেইবাখনো জিলাত শিশুসকল ক’ভিডত আক্ৰান্ত হোৱাৰ হাৰে উদ্বেগৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কেৱল ডিব্ৰুগড় জিলাতে এতিয়ালৈ ২৩২৮টি শিশু ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আনকি জিলাখনত যোৱা মাত্ৰ এটা সপ্তাহত প্ৰায় ৩০০ শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ আনহাতে যোৰহাট জিলাতো যোৱা এটা সপ্তাহত প্ৰায় ১১০টি শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ একেদৰে নগাঁও জিলাতো যোৱা প্ৰায় দুটা সপ্তাহত ১৭২টি শিশু ক’ভিডত আক্ৰান্ত হৈছে৷ ইফালে শোণিতপুৰ জিলাৰ তেজপুৰতো ৩১টি দিব্যাংগ শিশু ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷  উল্লেখ্য যে ক’ভিডত আক্ৰান্ত হোৱা এই শিশুসকল নৱজাতকৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰত ৷ এতিয়ালৈকে ৰাজ্যত মুঠ ২৮ হাজাৰ শিশু আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ ইফালে তৃতীয়টো ঢৌত শিশুসকল যদি আক্ৰান্ত হয়, প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে প্ৰতিখন জিলা চিকিৎসালয়ত শিশুৰ আই চি ইউ নিৰ্মাণ কৰি থকা হৈছে৷ স্বাস্থ্য বিভাগে ৰাজ্যৰ শিশুসকলক ক’ভিডৰ সঠিক চিকিৎসা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰা বুলি ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here