এইবোৰ ভুলৰ বাবে বহু চেষ্টা কৰিলেও কাহ নকমে

0
33


মূলতঃ দুৰ্বল ইমিউনিটিৰ কাৰণে বতৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগে কাহ, চৰ্দি, জ্বৰ আদিৰ প্ৰাদুৰ্ভাৱ বাঢ়ে৷ এনে অৱস্থাত ঔষধ-পথ্য খোৱাৰ পাছত জ্বৰ, চৰ্দি কমি যায় যদিও কাহটো বহুদিনলৈ থাকি যায়৷ কিছু ক্ষেত্ৰত কাহে মানুহজনক জুৰুলা কৰি পেলায়৷ বহুদিনলৈ কাহ হৈ থকাৰ ফলত বৰ অশান্তিকৰ হৈ পৰে৷ এই কাহৰ কাৰণে মানুহজনৰ জীৱন দুৰ্বিষহ হৈ উঠে৷ ঔষধ খালেও কাহ নকমিলে চিন্তাৰো কাৰণ হৈ উঠিব পাৰে৷ মনত ৰখা ভাল যে এইদৰে বহুদিনলৈ কাহে লগ নেৰা বা কাহ নুগুচাটো কিন্তু কিছুমান ভুল কাৰণে হয়৷ আমি কৰা কিছু ভুলৰ বাবে বহু চেষ্টা কৰিলেও কাহ নকমে৷ সেয়ে এই ভুলবোৰ শুধৰাই লোৱা অতি আৱশ্যক৷ নহ’লে আপুনিও ভুগিব পাৰে এনে সমস্যাত৷
কাহ কমোৱাৰ ক্ষেত্ৰত ডায়েটৰ যথেষ্ট অৰিহণা থাকে৷ কাহোতে কাহোতে বুকুৰ বিষ হ’লে তৎকালে কিছু খাদ্য বাদ দিয়া অতি প্ৰয়োজন৷যেনে ধৰক, মাছ. কণী, বিলাহী, বগৰী আদি৷ চৰ্দি, কাহৰ পৰা সকাহ পোৱাৰ ক্ষেত্ৰত হালধি-গাখীৰ হ’ল অতি প্ৰাচীন পদ্ধতি৷ গাখীৰ বা যিকোনো ডায়ৰী প্ৰডাক্ট খালে কিন্তু হাঁওফাঁওত ঘন মিউকাছৰ উৎপাদন বাঢ়িব পাৰে৷ কাহৰ পৰা নিৰাময় পোৱাৰ মুহূৰ্ততেই বহুতে কম পৰিমাণৰ পানী সেৱন কৰে৷ ইয়াৰ ফলত ডিহাইড্ৰেশ্যনৰ কাৰণে কেৱল গলেই শুকাই নাযায় কাহৰ পৰা সম্পূৰ্ণ সকাহ পাবলৈ বহু সময়ৰ প্ৰয়োজন হয়৷ চৰ্দি বা কাহ হৈ থকাৰ সময়ত বাহিৰা ভাজা-পোৰা, জাংকফুড তথা মছলাজাতীয় খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ে৷ এইবোৰ খাদ্য খোৱাৰ ফলত শৰীৰৰ প্ৰদাহ বাঢ়ি যায়৷ যাৰ ফলত সুস্থ হ’বলৈ সময় লাগে৷ শৰীৰৰ ইমিউনিটি বঢ়াবলৈ ছাইট্ৰাছজাতীয় ফল খায় সকলোৱে৷ কিন্তু কাহ হৈ থকাৰ সময়ত এই সমস্যা আৰু বাঢ়ি যাব পাৰে৷ কাহ হৈ থকাৰ সময়ত গৰম চাহ বা কফি খালে আমোদ অনুভৱ কৰা হয়৷ কিন্তু বেছি মাত্ৰাত কফি সেৱন কৰাৰ ফলত ডিহাইড্ৰেশ্যনৰ সমস্যাৰ বাবে কাহৰ পৰা পৰিত্ৰাণ পাবলৈ সময় লাগে৷ এটা কথা মন কৰিব যে কাহ হৈ থকাৰ সময়ত লং বা আদা মুখত লৈ থাকিলে সহজে ইয়াৰ পৰা সকাহ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here