ভাৰতৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ চিপৰ ফেক্টৰী : ক’ত ?

0
174

ভাৰতৰ বেদান্তা আৰু
 টাইৱানৰ বৈদ্যুতিন সামগ্ৰী প্ৰস্তুতকৰ্তা ফক্সকন যুটিয়ে গুজৰাটত ছেমিকনডাক্টৰ আৰু ডিছপ্লে’ উৎপাদন প্ৰকল্প স্থাপনৰ বাবে গুজৰাট চৰকাৰৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ বেদান্তা-ফক্সকনে এই প্ৰকল্পত ১.৫৪ লাখ কোটি টকা ব্যয় কৰিব৷ এই প্ৰকল্পই এক লাখ লোকৰ কৰ্মসংস্থান সৃষ্টি কৰিব৷ কেন্দ্ৰীয় ৰে’ল, যোগাযোগ, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয়  মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে স্বাক্ষৰ কৰে৷ গুজৰাট বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মতে, স্বাধীন ভাৰতৰ ইতিহাসত এইটো হৈছে কোম্পানীৰ বিনিয়োগৰ ক্ষেত্ৰত সৰ্ববৃহৎ৷ এইটো হ’ব ভাৰতৰ প্ৰথম ছেমিকনডাক্টৰ চিপ উৎপাদনৰ প্ৰকল্প৷ উল্লেখ্য যে গাড়ী, ম’বাইল ফ’ন আৰু আন বৈদু্যতিন সঁজুলিত ব্যৱহৃত ছেমিকনডাক্টৰ চিপ বৰ্তমানলৈকে ভাৰতত উৎপাদন কৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here