গৱেষণা-উদ্ভাৱনত ভাৰত বিশ্বৰ কেন্দ্ৰ হ’ব : মোদী

0
357

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমেদাবাদত কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন [চেণ্টাৰ-ষ্টেট ছায়েন্স কনক্লেভ] উদ্বোধন কৰে৷ সন্মিলনখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া জ্ঞান-বিজ্ঞানৰ সৈতে আমাৰ পৰিচয় ঘটে, তেতিয়া সংসাৰৰ সকলো সংকটৰ পৰা মুক্তিৰ পথ নিজে নিজেই মুকলি হয়৷ তেওঁ কয় যে সমাধান আৰু উদ্ভাৱনৰ আধাৰ হৈছে বিজ্ঞান৷ এই প্ৰেৰণাৰেই আজিৰ নতুন ভাৰতে জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞানৰ সৈতে জয় গৱেষণাৰ আহ্বান জনাই আগবাঢ়িছে৷ 
তেওঁ আৰু কয় যে স্বাধীনতাৰ এই অমৃতকালত ভাৰতক গৱেষণা আৰু উদ্ভাৱনৰ বিশ্বৰ কেন্দ্ৰ কৰিবলৈ আমি একেলগে অনেক গোটত কাম কৰিব লাগিব৷ আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে জড়িত গৱেষণাক আমি স্থানীয় পৰ্যায়লৈ লৈ যাব লাগিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে বিজ্ঞান-ভিত্তিক বিকাশৰ চিন্তাৰে কাম কৰি আছে৷ তেওঁ আৰু জনায় যে ২০১৪ চনৰ পাছত বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত বিনিয়োগ যথেষ্ট বৃদ্ধি পাইছে৷ চৰকাৰৰ প্ৰয়াসৰ বাবে আজি ভাৰত আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱন সূচকাংকত ৪৬ সংখ্যক স্থান লাভ কৰিছে; ২০১৫ চনত ভাৰত এই সূচকাংকত ৯১ সংখ্যক স্থানত আছিল৷ এই সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীসকল, উদ্যোগী, উদ্যমী, বেচৰকাৰী সংস্থা [এন জি অ’], যুৱ বিজ্ঞানী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here