ভাৰতত অ’মিক্ৰনৰ সংক্ৰমণ বাঢ়িলেও উগ্ৰতা কমিব : কোৱেট্‌জি || Omicron may spread in India, but with less severity : Coetzee

0
367
ভাৰতত ক'ভিড-১৯ৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ বাঢ়িব আৰু পজিটিভিটিৰ হাৰো বেছি হ’ব, কিন্তু আশাৰ কথা যে অধিকাংশ লোকৰ ক্ষেত্ৰত প্ৰকোপ কম হ’ব, যিটো দক্ষিণ আফ্ৰিকাত দেখিবলৈ পোৱা গৈছে৷ অ’মিক্ৰন ভেৰিয়েণ্ট প্ৰথমতে চিনাক্ত কৰা ছাউথ আফ্ৰিকান মেডিকেল এছ’চিয়েশ্যনৰ অধ্যক্ষা ডাঃ এঞ্জেলিক কোৱেট্‌জিয়ে এই কথা কয়৷ তেওঁ লগতে কয় যে বৰ্তমানৰ ভেক্‌চিনবোৰে সংক্ৰমণ নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব, কিন্তু ভেক্‌চিন নোলোৱাসকলৰ ১০০ শতাংশ বিপদ আছে৷ কোৱেট্‌জিয়ে কয় যে অ’মিক্ৰন ভেৰিয়েণ্ট বিয়পাটো কম কৰাত বৰ্তমানৰ ভেক্‌চিনবোৰে যথেষ্ট সহায় কৰিব৷ তেওঁ কয় যে ভেক্‌চিন লোৱা লোক বা ক’ভিড-১৯ৰ সংক্ৰমণ হোৱা লোকৰ ক্ষেত্ৰত কম লোকলৈহে অ’মিক্ৰন বিয়পিব৷ তেওঁ কয় যে অ’মিক্ৰন বিয়পাটো কম কৰাত বৰ্তমানৰ ভেক্‌চিনবোৰে যথেষ্ট সহায় কৰিব, ভেক্‌চিন লোৱা লোক বা পূৰ্বতে ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকে প্ৰায় তিনিভাগৰ এভাগহে বিয়পাব৷ কিন্তু ভেক্‌চিন নোলোৱা লোকে এই ভাইৰাছ ১০০ শতাংশ বিয়পোৱাৰ সম্ভাৱনা আছে৷ কোৱেট্‌জিৰ মতে, নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা যিকোনো ভাইৰাছ মানুহৰ বাবে এটা সম্ভাব্য ভাবুকি হ’ব৷ তেওঁ কয় যে অ’মিক্ৰনে ‘গৰম শৰীৰ’ত (ৱাৰ্ম বডি) আক্ৰমণ কৰে আৰু শিশুসকলকো আক্ৰমণ কৰিছে৷ অ’মিক্ৰনৰ সংক্ৰমণ নিয়ন্ত্ৰণত মাস্ক আৰু লগতে ক'ভিড বিধি পালনে ডাঙৰ ভূমিকা পালন কৰিব বুলিও তেওঁ উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here