শীতত হিটাৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক || Be careful while using heater in winter

0
257
শীতকালত ঠাণ্ডাৰ পৰা বাচিবলৈ বহুতেই ৰূমত হিটাৰ ব্যৱহাৰ কৰে৷ কিন্তু সাময়িক আৰামৰ বাবে কেতিয়াবা ডাঙৰ বিপদ আনিব পাৰে হিটাৰ ব্যৱহাৰ কৰিব নজনাৰ বাবে৷ কিছু ক্ষেত্ৰত ক্ষতিকাৰক হ’ব পাৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ জানো আহক হিটাৰৰ ক্ষতিকাৰক দিশ৷

(১) হিটাৰৰ ভিতৰৰ ধাতৱ বা ছিৰামিক কিছু উপাদানক উত্তপ্ত কৰি তাপ উৎপন্ন কৰা হয়৷ ইয়াৰ ফলত সেই অঞ্চলত বতাহৰ আদ্ৰৰ্তা কমি যায়৷ যাৰ ফলস্বৰূপে উক্ত ঠাইৰ বায়ুৰ অক্সিজেন দহন হয়৷


(২) হিটাৰৰ তাপৰ ফলত ছাল শুষ্ক হৈ পৰে৷ ইয়াৰ উপৰি মূৰৰ বিষ, বমি ভাব আদিও হ’ব পাৰে হিটাৰৰ তাপৰ ফলত৷ ইয়ে টোপনিত ব্যাঘাত জন্মাব পাৰে৷


(৩) হিটাৰৰ পৰা বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়৷ এইবোৰ উশাহৰ সহায়ত দেহত প্ৰৱেশ কৰি হাঁপানি, এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

Room Heaters: All about room heaters in India; Types, features, precautions & more | Most Searched Products - Times of India


(৪) ৰূম হিটাৰে সকলোতকৈ বেছি শ্বাস-প্ৰশ্বাসত ভোগা ৰোগীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ব্ৰংকাইটিছ, চাইনাছত ভোগাসকলে ৰূম হিটাৰৰ পৰা দূৰত থকাটো ভাল৷


(৫) আনহাতে গেছ হিটাৰে বেছি সমস্যাৰ সৃষ্টি কৰে৷ এইধৰণৰ হিটাৰৰ পৰা কাৰ্বন মনক্সাইড গেছ নিৰ্গত হয়৷ যি শিশু আৰু বয়সস্ক লোকৰ বাবে বিশেষভাৱে ক্ষতিকাৰক৷


(৬) হিটাৰ ব্যৱহাৰ কৰাৰ সময়ত ওচৰত কেতিয়াও লেপ, কাপোৰ আদি ৰাখিব নালাগে৷ এইবোৰ সংস্পৰ্শলৈ আহিলে জুই জ্বলাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here