ভাং খেতিয়ে ছানি ধৰিছে ৰাজ্যৰ চৰাঞ্চল|| Bhang cultivation taking over State’s char areas

0
1614

সম্প্ৰতি বৰবিহস্বৰূপ ভাং খেতিৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে৷ পুনৰ ৰাজ্যৰ চৰাঞ্চল আৰু গ্ৰামাঞ্চলত ভাং খেতিয়ে ছানি ধৰিছে৷ জানিব পৰা মতে, কামৰূপ জিলাৰ গৰৈমাৰী আৰু জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চৰাঞ্চল আৰু গ্ৰামাঞ্চলত ভাং খেতি কৰা প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চৌধুৰীপাম, মহিমাৰী আদি অঞ্চলৰ একাংশ লোকে কম খৰচতে অধিক টকা উপাৰ্জনৰ লক্ষ্যৰে ভাং খেতি কৰিবলৈ আৰম্ভ কৰিছে৷ যাৰ ফলস্বৰূপে উক্ত অঞ্চলবোৰত অসামাজিক কাম-কাজ, মদৰ আড্ডা আদিয়ে গা কৰি উঠিছে৷ এনে কামে সামাজিক পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে৷ আনহাতে উক্ত খেতিসমূহ প্ৰত্যক্ষ কৰিও আৰক্ষী কিম্বা প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা পালন কৰিছে৷ এই খেতিসমূহ ধবংস নকৰাত ৰাইজ উদ্বিগ্ন হৈ পৰিছে আৰু অনতিবিলম্বে আৰক্ষী-প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here