অভিলেখ ! নাছাৰ মহাকাশযান তেনে ওচৰত চাপিল সূৰ্যৰ || Record! NASA’s spacecraft gets closest to the sun!

0
753
আন এক অভিলেখ সৃষ্টি কৰিলে নাছাই৷ প্ৰথমবাৰলৈ সূৰ্যৰ তেনেই ওচৰ চাপিল নাছাৰ এখন মহাকাশযানে৷ সূৰ্যৰ বাহিৰৰ তৰপৰ একেবাৰে ওচৰত অৱস্থান কৰি নাছাৰ মহাকাশযানখনে অভিলেখৰ সৃষ্টি কৰিলে৷ ইয়াৰ লগতে বহু উৎকণ্ঠাৰো অন্ত পৰিল৷ নাছাৰ যানে স্পৰ্শ কৰা সূৰ্যৰ এই উত্তপ্ত তৰপক কোৱা হয় আউটাৰ এটম’স্ফিয়েৰ বা কৰোনা স্তৰ ৷ সূৰ্যৰ এই তৰপটো যথেষ্ট গুণে উত্তপ্ত ৷ সেই তৰপৰ বিভিন্ন ছবি উঠাই পৃথিৱীলৈ পঠিয়াইছে যানখনে ৷ তাৰ লগতে এই যানখনে তাৰ অণু-পৰমাণুৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে, মেগনেটিক ফিল্ডৰ আভাস লৈছে ৷ এই অভিযানৰ ফলত সূৰ্য-তৰাৰ অৱস্থিতি আৰু ইতিবৃত্ত আদি সকলো তথ্য জানিব পাৰিব বুলি বিজ্ঞানীসকলে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here