ব্ৰেষ্ট ফিডিঙৰ পাছত স্তনৰ গঠন সুন্দৰকৈ ৰাখিবলৈ কি কৰিব ?

0
46


কোৱা হয় জন্মৰ পাছত সন্তানৰ মাতৃদুগ্ধই অমৃত৷ প্ৰসৱৰ পাছত সন্তান জন্ম হ’লে পোনতে মাতৃগৰাকীক গাখীৰহে খাবলৈ দিয়া হয়৷ জন্মৰ পৰা সন্তানক মাকৰ গাখীৰৰ বাহিৰে আন একোৱে খাবলৈ দিব নালাগে৷ এই মাতৃদুগ্ধতে শিশুই তেওঁলোকৰ দেহৰ বাবে প্ৰয়োজনীয় সকলোখিনি উপাদান পায়৷ সাধাৰণতে প্ৰসৱৰ পাছত সন্তানক স্তনপান কৰোৱাৰ সময়ত স্তনযুগল দৃঢ় আৰু ডাঙৰ হ’বলৈ ধৰে৷ আনহাতে স্তনপান শেষ হ’লে স্তন লাহে লাহে সংকুচিত হ’বলৈ ধৰে৷ সন্তানক স্তনপান কৰোৱাৰ সময়ছোৱাৰ স্তনৰ গঠনৰ কিছু পৰিৱৰ্তন হয় আৰু জীৱন যাত্ৰাৰ এই পৰিৱৰ্তনক পুনৰায় সুন্দৰ আৰু সুগঢ়ি কৰিবলৈ কিছুমান যত্ন তথা কাম কৰিবলগীয়া হয়৷ স্তনৰ গঠন ঠিক ৰাখিবলৈ সন্তানক স্তনপান কৰোৱাটো উচিত৷ নিয়মিত স্তনপান কৰালে শিশুৰ লগতে মাকৰো শৰীৰ ভালে থাকে৷ সন্তানক ব্ৰেষ্ট ফিডিং বা স্তনপান কৰাৰ সময়ত সম্ভৱ হ’লে ব্ৰেষ্ট ফিডিং টেবলেট ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ পৰা সুফল পাব পাৰি৷ মনত ৰাখিব হঠাতে সন্তানক স্তনপান কৰোৱাটো বন্ধ কৰি নিদিব৷ ইয়াৰ ফলত স্তনৰ গঠন আৰু বেয়া হ’ব পাৰে৷ স্তনপান কৰোৱা মহিলাসকলে স্তনৰ গঠন পুৰনৰায় সুন্দৰ তথা আকৰ্ষণীয় কৰিবলৈ ধনুৰাসন, ভূজাংগসান, পুশআপ, ডাম্বল, বেঞ্চ প্ৰেছ, ট্ৰাইচেপ ডিপ আদি ব্যায়াম নিয়নিতভাৱে কৰিলে সুফল পাব৷ নিয়মিত শৰীৰচৰ্চাই টিছুত সঞ্চিত চৰ্বি কমাই ৰাখে৷ যাৰ ফলত শৰীৰৰ সৌন্দৰ্য অটুট থাকে৷ শৰীৰচৰ্চাৰ লগতে স্তনপান পৰ্ব শেষ হোৱাৰ পাছত সঠিক জোখৰ ব্ৰা পিন্ধিবলৈ নাপাহৰিব৷ আনকি ৰাতি শোৱাৰ সময়তে ব্ৰা খুলি নথ’ব৷ স্তনৰ ইলাষ্টিন তথা কোলাজেনৰ মাত্ৰা ঠিক ৰাখিবলৈ প্ৰতিদিনে পুষ্টিকৰ খাদ্য খাওক৷ আনহাতে ধূমপান, এলকহলজাতীয় পানীয় তথা জাংক ফুড এৰাই চলক৷ টোনড স্তন পাবলৈ পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰটো অতিকে আৱশ্যক৷ শৰীৰটো হাইড্ৰেটেড থাকিলে এই ক্ষেত্ৰত উপকাৰ হয়৷ আনহাতে ব্ৰেষ্ট লিফ্‌ট ছাৰ্জাৰীৰ জৰিয়তে স্তনৰ গঠন সঠিককৈ ৰাখিব পাৰি যদিও এই ছাৰ্জাৰী অত্যধিক ব্যয়বহুল তথা যথেষ্ট খৰচী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here