বিলাহীৰ এই অংশ বিষতুল্য খালে হ’ব পাৰে বিপদ

0
38


বিলাহী পুষ্টিৰে ভৰপূৰ এবিধ পাচলি আৰু ইয়াক আমি চবজি হিচাপে ব্যৱহাৰ কৰোঁ৷ বিলাহীৰ সৈতে মাছৰ জোলখন সকলোৰে প্ৰিয় খাদ্য৷ ইয়াৰ উপৰি বিলাহী কেঁচা চালাড হিচাপেও খোৱা হয়৷ মিক্সড্‌ ভেজখনত বিলাহী নিদিলে যেন আধৰুৱা হৈ থাকে৷ বিলাহীৰ সোৱাদ যেনেকুৱা, ইয়াৰ পুষ্টিগুণো সমানেই আছে৷ বিলাহী খোৱাৰ ফলত হৃদপিণ্ড, ছাল, চকুৰ স্বাস্থ্যৰ উপৰি শৰীৰৰ ওজন হ্ৰাসত উল্লেখযোগ্য অৱদান যোগায়৷ বিলাহীত ফাইবাৰ, কাৰ্বহাইড্ৰেট, ভিটামিন-চি, পটাচিয়াম তথা ফলেট থাকে আৰু এইবোৰ সৰবৰাহ কৰে৷ এটা কথা ভালদৰে মনত ৰাখিব যে এইবোৰ উপাদান নাইটশেড পৰিয়াল বা গোত্ৰত পোৱা যায়৷ এই গোত্ৰত আলু, বিলাহী, বেঙেনা, জলকীয়া, কেপচিকামৰ উপৰি এট্ৰোপা বেলাডোনাৰ দৰে বিষাক্ত উদ্ভিদো আছে৷ বিলাহীৰ দৰে নাইটশেড পাচলিত লাইকোপিন তথা বিভিন্ন পুষ্টিৰে ভৰপূৰ যদিও ইয়াত ছোলানাইন বা টমেটাইনৰ দৰে অ্যালকালয়েড পোৱা যায়৷ এই অ্যালকালয়েড এবিধ শক্তিশালী ৰাসায়নিক, যিয়ে গছডালক পোক-পৰুৱাৰ পৰা সুৰক্ষা দিবৰ বাবে পাতৰ জৰিয়তে বিষ এৰি দিয়ে৷ আনহাতে এই অ্যালকালয়েডৰ প্ৰকৃতি প্ৰদাহজনক তথা এইবোৰ প্ৰাণীদেহৰ কাৰণেও বিষতুল্য৷ এই ৰাসায়নিকবোৰ আলুৰ বাকলি তথা গছৰ ডাল-পাত বা ঠাৰিত উৎপন্ন হয়৷ সেয়ে বিশেষকৈ বিলাহী খোৱাৰ সময়ত অত্যন্ত সাৱধান হোৱা দৰকাৰ৷ কিয়নো বিলাহীত লাগি থকা ঠাৰিত এই ৰাসায়নিক থাকে বাবে বেলাহী কটাৰ সময়ত ধ্যান দিব লাগে৷ আনহাতে বিলাহীৰ বীজ বা গুটিত লেকটিন নামৰ প্ৰ’টিন থাকে, যি অন্য ভিটামিনৰ তথা খনিজ পদাৰ্থৰ সৈতে যুক্ত হৈ থাকে৷ লেকটিনে আপোনাৰ অন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ লগতে এই লেকটিন উপাদানে এচিডিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে বিলাহী খোৱাৰ আগতে গুটিবোৰ ভালদৰে গুচাই খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here