মহিলাসকলে এইকেইটা যৌনাংগৰ সমস্যা উপেক্ষা নকৰিব ?

0
48

সকলো মহিলাই কম-বেছি পৰিমাণে যোনিৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভোগে৷ এই সমস্যাবোৰ কমতে ঠিক কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন৷ সামগ্ৰিক সু্‌স্থতাৰ বাবে যৌনাংগৰ সমস্যা সম্পৰ্কে সচেতন থকাটো বুদ্ধিমানৰ কাম৷ এইটো মানসিক তথা শাৰীৰিক সমস্যাৰ দৰে সাধাৰণ আৰু ইয়াক লৈ দ্বিধা বা বিভ্ৰান্তিৰ কোনো কাৰণ  নাই৷ আমি কেইটামান যোনি সংক্ৰান্তীয় সমস্যাৰ বিষয়ে ক’বলৈ বিচাৰিছোঁ৷ এই¸ সমস্যাবোৰ আওকাণ বা অৱহেলা কৰা উচিত নহয়৷ প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰা এটা ইউৰিনাছ ট্ৰাক্ট ইনফেকশ্যনৰ স্পষ্ট লক্ষণ৷ ইয়াৰ লক্ষণ হিচাপে সঘনাই প্ৰস্ৰাৱৰ অনুভৱ হয়, কিন্তু প্ৰস্ৰাৱ নোলায়৷ পেট ফুলি উঠে৷ প্ৰস্ৰাৱৰ সময়ত যৌনাংগৰ বিষ তথা জ্বলন হয়৷ আনহাতে মেনোপজৰ পৰৱৰ্তী সময়ত হৰমনৰ তাৰতম্যৰ কাৰণে প্ৰস্ৰাৱ পথ সংকুচিত হ’ব পাৰে৷ এই লক্ষণবোৰ হ’লে সাৱধান হোৱা উচিত৷
মহিলাসকলৰ ক্ষেত্ৰত ঘন হালধীয়া বা বগা ৰঙৰ স্ৰাৱ হ’লে অবিলম্বে স্ত্ৰী বিশেষজ্ঞৰ পৰামৰ্শ লওক৷ যদি অন্তৰ্বাসত বগা স্ৰাৱ তথা অস্বাভাৱিক গোন্ধ থাকে, তেনেহ’লে সেয়া সংক্ৰমণ বা যৌন ৰোগৰ লক্ষণ হ’ব পাৰে৷
পিৰিয়ডৰ সময়ত নহৈ আন সময়ত যদি যৌনাংগৰ পৰা তেজ ওলায়, তেতিয়াহ’লে পলম নকৰি চিকিৎসকৰ ওচৰ চাপক৷ আনহাতে সহবাসৰ সময়ত, প্ৰস্ৰাৱৰ সময়ত তেজ ওলালেও সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ ইয়াৰ লগতে যদি পেলছিভ ফ্লোৰৰ বিষ অনুভৱ হয়, তেতিয়া সেয়া ক্লেমাইডিয়াৰ লক্ষণ হ’ব পাৰে৷ ছাৰ্ভিক্স পলিপৰ কাৰণে এনে হ’ব পাৰে৷ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই যদিও চিকিৎসকৰ কাষ চপাটো উচিত৷
চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক কোৱা হয় ইনকণ্টিনেন্স৷ এটা সমীক্ষা দেখা গৈছে যে বহুতৰে হাঁচি বা কাহ আহিলে একে সময়তে প্ৰস্ৰাৱো বাহিৰ হয়৷ এই সময়ত এনে অৱস্থা হয় যে বাথৰূমলৈ যোৱাৰ সুবিধাই নিমিলে, লগতে প্ৰস্ৰাৱ বাহিৰ হয়৷ এই সমস্যাটোৰ কাৰণে চিন্তাৰ কোনো কাৰণ নাই৷ অৱশ্যে এই সমস্যাৰ সমাধানৰ কাৰণে চিকিৎসকে কিছু ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে৷
এটা সমীক্ষা অনুসৰি চাবোন, ক্ৰিম, সুগন্ধিযুক্ত টয়লেট পেপাৰ, স্প্ৰে’’ তথা বাব্‌ল বাথৰ কাৰণে যৌনাংগত খজুৱতি হোৱা দেখা যায়৷ ইয়াৰ পাছত যদি যোনিৰ ভিতৰত খজুৱতি হয়, সেইটো বেক্টেৰিয়া ভেজিনেছিছ, চৰ্মৰোগ, সংক্ৰমণ, হৰমনৰ ভাৰসাম্যহীনতা তথা যৌন সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ সেয়ে এনে লক্ষণ হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here