ব্ৰুনৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ তৰমুজ কিদৰে লগাব ?

0
37


বতৰ তথা ঋতুৰ সলনিৰ লগে লগে ৰূপচৰ্চাৰ ৰুটিনো সলনি হয়৷ শীতকালৰ ৰূপচৰ্চা আৰু গৰমকালিৰ ৰূপচৰ্চাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে৷ গৰমৰ দিনকেইটাত ছালৰ সঠিক যত্ন তথা পৰিচৰ্যাৰ প্ৰয়োজন৷ তাৰ বাবে অকল প্ৰসাধনীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিলে নহয়৷ আনহাতে বজাৰত বিভিন্ন প্ৰকাৰৰ ফলেৰে বজাৰ ভৰি পৰে৷ এই ফলবোৰৰ ভিতৰত কিছুমান অকল স্বাস্থ্যৰক্ষাৰ কাৰণেই নহয়, ৰূপচৰ্চাৰ বাবেও সমানেই প্ৰয়োজন৷ ছালৰ যত্নৰ বাবে এইবোৰ ফলে সহায় কৰে৷ গৰমৰ ফলবোৰৰ ভিতৰত তৰমুজ অন্যতম৷ তৰমুজ অকল পেটৰ খেয়াল ৰখাতে নহয়, ছালৰ যত্ন তথা পৰিচৰ্যাত তৰমুজ যথেষ্ট উপকাৰী৷ আনহাতে গৰমৰ দিনকেইটাত বহুতেই ব্ৰুনৰ সমস্যাত ভোগে৷ এই ব্ৰুনৰ পৰা মুক্তি পাবলৈ মুখত তৰমুজ লগালে সুফল পোৱা যায়৷ ইয়াৰ বাবে এটা কাচৰ পাত্ৰ লৈ তাত অলপমান দৈ আৰু তৰমুজৰ এটা ফেচপেক প্ৰস্তুত কৰক৷ প্ৰথমে এই দুয়োবিধ উপাদান ভালদৰে মিশ্ৰণ কৰি লৈ তাত সামান্য পৰিমাণে মৌ মিহলাই ল’ব৷ এতিয়া এই ডাঠ মিশ্ৰণো মুখখনত ভালদৰে লগাই মাছাজ কৰি দিব৷ ১৫ মিনিটমান এইদৰে ৰাখি পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ এইদৰে নিয়মিত এসপ্তাহ কৰিলে ইয়াৰ ৰিজাল্ট আপুনি দেখিব৷ ছালখনৰ উজ্জ্বলতা তথা নমনীয়তা বাঢ়িব আৰু মুখৰ ব্ৰুন আপোনা আপুনি নাইকিয়া হৈ যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here