ব্ৰহ্মপুত্ৰৰ পাৰ পৰিষ্কাৰৰ আদৰণীয় পদক্ষেপ

0
307

গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইক’ ক্লাবৰ আদৰণীয় পদক্ষেপ৷ মহাবিদ্যালয়খনৰ ইক’ ক্লাবৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক শিক্ষাৰ্থী তথা স্বেচ্ছাসেৱকে  মহানগৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ জাবৰ-জোঁথৰ পৰিষ্কাৰ কৰে৷ বিভিন্ন সময়ত চৰকাৰ তথা একাংশ অনুষ্ঠান-প্ৰতিষ্ঠান তথা ধৰ্মীয় অনুষ্ঠানৰ নামত একাংশ লোকে ব্ৰহ্মপুত্ৰৰ পাৰটো লেতেৰা কৰি অতি কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছিল৷ এই ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষই বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাত সময়ে সমযে একাংশ স্বেচ্ছাসেৱী অনুষ্ঠানে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি আহিছে৷ যোৱা ৬ মাৰ্চৰ পুৱা আঠ বজাৰ পৰা ইক’ ক্লাবৰ সদস্যসকলে উজান বজাৰৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ‘ৰেস্পেক্ট ৰিভাৰ ঃ ৰিভাৰ লাইফলাইন’ শীৰ্ষক এক পৰিচ্ছন্নতা কাৰ্যসূচীৰ আয়োজন কৰে৷ ইয়াৰ মুখ্য উদ্দেশ্য হৈছে পৰিৱেশৰ প্ৰতি সমাজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰাৰ লগতে বৰ্জিত সামগ্ৰী বা জাবৰ-জোঁথৰ পুনৰ ব্যৱহাৰ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা৷ আৰ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই মুকলি কৰা এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু এম চি চিৰ সদস্য তথা স্বেচ্ছাসেৱকসকলে সহযোগ আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here