ব্লাড গ্ৰুপৰ ওপৰত ভিত্তি কৰিহে খাদ্য গ্ৰহণ কৰক

0
298

আপোনাৰ ব্লাড গ্ৰুপ কি? তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ শৰীৰৰ পক্ষে কি কি খাদ্য ক্ষতিকাৰক৷ কিয়নো বিভিন্ন গৱেষণাত পোৱা মতে বেলেগ বেলেগ ব্লাড গ্ৰুপৰ কাৰণে সকলোবোৰ খাদ্য নিৰাপদ নহয়৷ কিছুমান খাদ্য যদি এটা ব্লাড গ্ৰুপৰ লোকৰ বাবে উপকাৰী, সেই খাদ্যবিধ অইন এটা ব্লাড গ্ৰুপৰ কাৰণে ক্ষতিকাৰক হ’ব পাৰে৷ সেয়েহে খাদ্য গ্ৰহণ কৰোঁতে কি কি ব্লাড গ্ৰুপৰ লোকে কি খাদ্য খাব নালাগে সেই বিষয়ে জনাটো দৰকাৰ৷ মানৱ দেহত মূলতঃ চাৰি প্ৰকাৰৰ ব্লাড গ্ৰুপ পোৱা যায়৷ A,  B, AB আৰু  O ৷ আধুনিক চিকিৎসা বিজ্ঞানত এই তেজৰ গ্ৰুপৰ গুৰুত্ব অপৰিসীম৷ তেজৰ গ্ৰুপৰ ওপৰত ভিত্তি কৰি এখন খাদ্য তালিকা প্ৰস্তুত কৰিব পাৰি৷ জানো আহক কি কি খাদ্য এই ব্লাড গ্ৰুপৰ লোকে নাখাব৷

যিসকল লোকৰ দেহত O ব্লাড গ্ৰুপ থাকে, তেওঁলোকে প্ৰ’টিনসমৃদ্ধ প্ৰাণীজ খাদ্য খোৱাটো দৰকাৰ৷ অৰ্থাৎ মূলতঃ মাছ, মাংস, কণী আদি খাব পাৰে৷ পাচলিৰ ভিতৰত ব্ৰকলি, পিঁয়াজ, নহৰু, কোমোৰা আদি খাব পাৰে৷ আনহাতে দুগ্ধজাত খাদ্য এৰাই চলিব O গ্ৰুপৰ লোকে৷
A গ্ৰুপৰ লোকসকলে ৰেডমিট এৰাই চলাই শ্ৰেয়৷ শাক-পাচলি যথেষ্ট পৰিমাণে খাব পাৰে৷ আটাইতকৈ উপযোগী সম্পূৰ্ণ নিৰামিষ খাদ্য খোৱাটো ভাল৷
B গ্ৰুপৰ মানুহে মুৰ্গীৰ মাংস নোখোৱাই ভাল৷ ইয়াৰ উপৰি গমৰ আটা, দাইল, বিলাহী আদি কম পৰিমাণে খাব লাগে৷ এইবোৰৰ বাদে সকলো প্ৰাণীজ খাদ্য খাব পাৰে৷
AB গ্ৰুপৰ মানুহৰ খাদ্য তালিকাত মিশ্ৰ খাদ্যাভ্যাস গঢ়ি তুলিব লাগে৷ সামুদ্ৰিক মাছ, দুগ্ধজাত খাদ্য, দাইল, দানাজাতীয় খাদ্য আদি খাব পাৰে৷ আনহাতে ৰাজমা, লুবিয়া আদি এৰাই চলক৷ ৰেডমিট, মুৰ্গীৰ মাংস খোৱাৰ পৰাও বিৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here