বেছিকৈ পিঁয়াজ খালে কি হ’ব পাৰে ?

0
187

যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ আমাৰ শৰীৰৰ বাবে লাগতিয়াল উপাদান৷ কিন্তু আপুনি যদি প্ৰয়োজনতকৈ অধিক মাত্ৰাত পিঁয়াজ গ্ৰহণ কৰে, তেন্তে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সেয়েহে জানো আহক অধিক মাত্ৰাত পিঁয়াজ সেৱন কৰিলে স্বাস্থ্যৰ কি অপকাৰ হয়৷ বিশেষকৈ অধিক মাত্ৰাত খালে কেঁচা পিঁয়াজে আপোনাৰ স্বাস্থ্যৰ কিদৰে অনিষ্ট সাধন কৰিব পাৰে৷
পিঁয়াজত অধিক পৰিমাণে গ্লুকজ আৰু ফ্ৰুক্টজ পোৱা যায়৷ ইয়াৰ উপৰি পিঁয়াজত ফাইবাৰ বা আঁহ যথেষ্ট পৰিমাণে থাকে৷ কিছু ক্ষেত্ৰত এইধৰণৰ উপাদান হজম কৰিবলৈ সহজ নহয়৷ সেয়েহে পিঁয়াজ অধিক পৰিমাণে খালে কিছুমানৰ গেছ-এচিডিটিৰ সমস্যাই দেখা দিব পাৰে৷
কেঁচা পিঁয়াজ ব্লাড ছুগাৰৰ বাবে অপকাৰী৷ সেয়েহে ডায়েবেটিছ,উচ্চ ৰক্তচাপজনিত ৰোগত ভোগাসকলে কেঁচা পিঁয়াজ খোৱাৰ পৰা দূৰত থকাই ভাল৷ অথবা কেঁচা পিঁয়াজ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ নহ’লে বিপদৰ শংকা থাকিব পাৰে৷
আপুনি যদি বেছি পৰিমাণে কেঁচা পিঁয়াজ খায়, তেন্তে সাৱধান হোৱাটো উচিত৷ অধিক পৰিমাণে পিঁয়াজ খালে বুকু জ্বলা-পোৰা কৰিব পাৰে৷
আনহাতে কেঁচা পিঁয়াজ খোৱাৰ ফলত মুখৰ পৰা ওলোৱা দুৰ্গন্ধই আনক অস্বস্তিত পেলাব পাৰে৷ ইয়ে আপোনাৰ আত্মসন্মান লাঘৱ কৰিব পাৰে৷ অফিচ-কাছাৰীলৈ যাওঁতে কেঁচা পিঁয়াজ খাই নাযাব৷ কিয়নো ইয়াৰ মুখৰ দুৰ্গন্ধই আপোনাৰ সহকৰ্মীসকলক অসুবিধাত পেলাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here