মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ শুভাৰম্ভ

0
802

ৰাজ্যত ভয়াৱহ ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ ফলত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দুৰ্ভগীয়া সন্তানসকলৰ সুৰক্ষাৰ হকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই সেই সময়তে শিশু সেৱা আঁচনি নামেৰে এক আঁচনিৰ কথা ঘোষণা কৰিছিল৷ এইসকল দুৰ্ভগীয়া সন্তানে পৰৱৰ্তী সময়ত যাতে শিক্ষা-দীক্ষা, অধ্যয়ন বা আন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি ফিক্সড্‌ ডিপ’জিট কৰাৰ কথা ঘোষণা কৰিছিল৷ 
সেই ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই উক্ত আঁচনিৰ অধীনত ক’ভিডত পিতৃ-মাতৃ উভয়ে হেৰুওৱা আঠটি শিশুৰ বাবে সাত লাখ পঞ্চাছ হাজাৰ টকা বেংকত ফিক্সড্‌ ডিপ’জিট কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ক’ভিডৰ সময়ত ক’ভিডত আক্ৰান্ত হৈ যিসকলৰ পিতৃ-মাতৃ উভয়ে আঁতৰি যাবলগীয়া হৈছিল, তেনে শিশুৰ ক্ষেত্ৰত শিশু সেৱা নামেৰে এক আঁচনি ঘোষণা কৰা হৈছিল৷ 
সেই অনুসৰি যোৱা ৩১ জুলাইত আঠগৰাকী শিশুক শিশু সেৱা আঁচনিৰ অধীনত ফিক্সড্‌ ডিপ’জিটৰ চে’ক প্ৰদান কৰে৷ জনতা ভৱনত অনুষ্ঠিত অনুষ্ঠানত চে’ক প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই শিশু সন্তানসকলে ২৪ বছৰলৈ মাহেকত তিনি হাজাৰ পাঁচশ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত পাই থাকিব৷ পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকৰ ২৪ বছৰ পাৰ হৈ যাব, তেতিয়া তেওঁলোকে সেই সাত লাখ পঞ্চাছ হাজাৰ টকা উঠাই ল’ব পাৰিব বা এবাৰ যদি ফিক্সড্‌ ডিপ’জিট কৰিব বিচাৰে, সেয়াও পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here